Type Here to Get Search Results !

পুথিভঁৰাল -অসমীয়া ৰচনা -Assamese Essay

          পুথিভঁৰাল -অসমীয়া ৰচনা -Assamese Essay 

       আৰম্ভণিঃ  য'ত বিভিন্ন ধৰণৰ পুথি,বাতৰি কাকত, আলোচনী আদি শ্রেণীবদ্ধ ভাৱে সংগ্রহ কৰি ৰখা হয়, তাকে পুথিভঁৰাল’ বা ইংৰাজীত লাইব্রেৰী বুলি কোৱা হয়। অতি প্রাচীন কালৰে পৰা মানুহে পুথিভঁৰালৰ ব্যৱহাৰ কৰি আহিছে।
Class x -পুথিভঁৰাল
পুথিভঁৰাল

      শ্রেণীঃ  পুথিভঁৰাল সাধাৰণতে দুই প্রকাৰৰ। ঘৰুৱা পুথিভঁৰাল, আৰু ৰাজহুৱা পুথিভঁৰাল। কোনোলোকে ব্যক্তিগতভাৱেও বিভিন্ন কিতাপ, আলোচনী সংগ্রহ কৰি ঘৰতে পুথিভঁৰাল প্রতিষ্ঠা কৰে। ৰাজহুৱা পুথিভঁৰাল আকৌ বিভিন্ন প্রকাৰৰ। কোনো অনুষ্ঠান, শিক্ষানুষ্ঠানত পুথিভঁৰাল থকাৰ উপৰিও গাঁও পঞ্চায়ত, মহকুমা, জিলা পর্যায়ত পুথিভঁৰাল থাকে। ঠিক সেইদৰে ৰাজ্য আৰু ৰাষ্ট্ৰ পৰ্য্যয়তো পুথিভঁৰাল থাকে, ৰাষ্ট্ৰীয় পুথিভঁৰালক ‘জাতীয় পুথিভঁৰাল’ বুলি কোৱা হয়। এই সকলো পুথি ভঁৰালতে পাঠকে প্রয়োজনীয় কিতাপ,আলোচনী আদি পঢ়িবলৈ সুবিধা পায়। তাৰ বাবে।আৱশ্যকীয় চক -মেজ আদিও থাকে। পাঠকে নির্দিষ্ট মূল্য দি সভ্য ভর্তি হৈ কিতাপ পঢ়িব পাৰে আৰু নির্দিষ্ট সময়ৰ বাবে ঘৰলৈকো কিতাপ নিব পাৰে।
       উপকাৰঃ কিতাপ মানুহৰ প্রকৃত বন্ধু। কিতাপৰ যোগেদিহে জ্ঞান আহৰণ কৰিব পাৰে। এজন মানুহে সকলো কিতাপ কিনিব নোৱাৰিব পাৰে, বা প্রয়োজন হোৱা কিতাপখনো বজাৰত নেপাব পাৰে। সেই বাবেই প্রয়োজনীয় কিতাপৰ বাবে পুথি। ভঁৰালৰ প্রয়োজন। পুথিভঁৰালৰ কিতাপ পঢ়ি নির্দিষ্ট ঠাইত থ'ব লাগে। পঢ়াৰ সময়ত নীৰবে থাকিব লাগে যাতে অন্য লোকৰ অসুবিধা নহয়।
       সামৰণিঃ  পুথিভঁৰালে আমাক জ্ঞান দিয়ে। বর্তমান বিভিন্ন ধৰণৰ শিক্ষামূলক কিতাপ, আলোচনী ওলাইছে। আমি পুথিভঁৰালত সেইবোৰ অধ্যয়ন কৰাৰ সুবিধা ল’ব লাগে। নিজেও ঘৰত একোটা পুথিভঁৰাল গঠনৰ চেষ্টা কৰা ভাল। 


Post a Comment

3 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
  1. ধন্যবাদ! মই বৰ সুখিত ৰচনাখন পাই।

    ReplyDelete
  2. Thank you The essay is quite nice Keep up the Good Work.

    ReplyDelete

Please don't use spam link in the comment box.

Top Post Ad

Bottom Post Ad