Type Here to Get Search Results !

অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী-ৰচনা -অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে

অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী-ৰচনা -অসমীয়া  মাধ্যমৰ  ছাত্ৰ-ছাত্ৰীসকলৰ বাবে 

আৰম্ভণিঃ অসম কেশৰী (সিংহ) বুলি খ্যাত অম্বিকাগিৰী ৰায়চৌধুৰী এজন স্বদেশ প্রেমী সাহিত্যিক আছিল। তেওঁ সৎ সাহিসী আৰু অন্যায়ৰ বিৰুদ্ধে যুঁজা যুঁজাৰু আছিল।
    জন্ম, বংশ পৰিচয়ঃ অম্বিকাগিৰী ৰায়চৌধুৰীৰ ১৮৮৫ খ্রীঃ ত বৰপেটাত জন্ম হৈছিল। তেওঁৰ পিতৃ আছিল কৃষ্ণ ৰাম ৰায়চৌধুৰী আৰু মাকৰ নাম আছিল দৈৱকী দেৱী। এওঁলোকৰ দুজন পুত্ৰ আৰু দুগৰাকী কন্যা আছিল। অম্বিকাগিৰী দ্বিতীয় সন্তান, সৰু অৱস্থাতেই পিতৃৰ মৃত্যু হয়।
      শিক্ষাঃ তেওঁ প্রথমে বৰপেটাতে প্রাথমিক শিক্ষা লাভ কৰিছিল। প্রাথমিক চূড়ান্ত পৰীক্ষাত বৃত্তি লাভ কৰি উচ্চ ইংৰাজী শিক্ষাৰ বাবে গুৱাহাটীলৈ আহে। গুৱাহাটীৰ সোণাৰাম উচ্চ ইংৰাজী বিদ্যালয়ত তৃতীয় মহলালৈকে (অষ্টমমান) পঢ়ি স্বদেশী আন্দোলনত যোগ দিয়ে। তীক্ষ্ণ বুদ্ধি আৰু চোকা ছাত্র হৈয়ে ৰায়চৌধুৰীয়ে শিক্ষা সিমানতে সমাপ্ত কৰে।
   স্বদেশী আন্দোলনৰ ৰণুবাঃ অম্বিকাগিৰী সৰুৰে পৰাই স্বদেশী মনোভাৱ সম্পন্ন ব্যক্তি আছিল। ভাৰত তথা অসমক পৰাধিনতাৰ পৰা মুক্ত কৰিবলৈ তেওঁ জীৱনৰ ব্ৰত গ্রহণ কৰিছিল। সেই বাবেই তেওঁ স্কুলীয়া জীৱনতে শিক্ষা বিসর্জন দি মুক্তি আন্দোলনত ভাগ লৈছিল। ইয়াৰ বাবে কাৰাবাসো খাটিছিল। কিছুদিন ডিব্ৰুগড়ত শিক্ষকতাও কৰিছিল। ৰায়চৌধুৰীয়ে মৃত্যু পর্যন্ত প্ৰেছ খুলি স্বাধীন ব্যৱসায় কৰিছিল। 
        সাহিত্য কর্মঃ অম্বিকাগিৰীৰ আন এটি পৰিচয় তেওঁৰ সাহিত্য কর্মৰ মাজেৰেও পাব পাৰি। ১৯০৫ খ্রীঃত তেওঁ লিখা বন্দিনী ভাৰত’ নামৰ নাটক এখন গুৱাহাটীৰ কলেজিয়েত হাইস্কুলত মঞ্চস্থ কৰাৰ বাবে তেওঁ চৰকাৰৰ ৰোষত পৰিছিল। তেওঁৰ অন্যান্য নাটক সমূহ হ'ল—জয়দ্রথ বধ, ভক্ত গৌৰৱ আৰু কল্যাণময়ী। অম্বিকাগিৰী এজন কবিও আছিল। তেওঁৰ কবিতা পুথি সমূহ হ'ল— “তুমি’, বীণা’ অনুভূতি', বেদনাৰ উল্কা’, বন্দোকি ছন্দেৰে', 'স্থাপন কৰ, স্থাপন কৰ’ ইত্যাদি। আহুতি’ তেওঁৰ
উৎকৃষ্ট গদ্য পুথি। তেওঁ ‘চেতনা’ আৰু ‘ডেকা অসম’ নামৰ দুখন আলোচনীৰো সম্পাদক আছিল। ১৯০৫ খ্রীঃ ত মাৰ্ঘেৰিটাত হোৱা অসম সাহিত্য সভাৰ ২১ তম অধিবেশনত তেওঁ সভাপতি আছিল।
     মৃত্যুঃ স্বদেশ আৰু স্বজাতিৰ হিতৰ বাবে আজীৱন কৰ্মত ব্ৰতী থকা এই গৰাকী পুৰুষৰ ১৯৬৭ খ্রীঃ ৰ ২ জানুৱাৰীত গুৱাহাটীত পৰলোক হয়।
      সামৰণিঃ  অম্বিকাগিৰী এজনা উচ্চ আদৰ্শৰ পুৰুষ আছিল। সত্য পথত থকা এইজনা ব্যক্তিয়ে বিপদ-ধুমুহাকো অতিক্রম কৰি নিজৰ ব্যক্তিত্বৰ পৰিচয় দিছিল। তেওঁৰ আদৰ্শ আমাৰ বাবে চিৰসেউজীয়া হৈ থাকিব।


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Bottom Post Ad