Type Here to Get Search Results !

প্ৰদূষণ-ৰচনা- অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে

    প্ৰদূষণ-ৰচনা- অসমীয়া  মাধ্যমৰ  ছাত্ৰ-ছাত্ৰীসকলৰ বাবে( চুটি ৰচনা) 

   আৰম্ভণিঃ আজিকালি সঘনে ব্যৱহাৰ হোৱা এটি শব্দ হ’ল প্রদূষণ। ইয়াৰ অর্থ দূষিত হোৱা। মানুহ, অন্যান্য জীৱ-জন্তু, আৰু প্ৰকৃতিৰ সকলো বস্তুৱেই নিজৰ নিজৰ অৱস্থানত থাকে। ইয়াৰ দ্বাৰা কাৰাৰে হানি-বিঘিনি নহয়। ইয়াকে পৰিবেশ বুলি কোৱা হয়। পৰিবেশে পৰস্পৰে পৰস্পৰক সহায় কৰে। যেতিয়াই ইয়াৰ ব্যতিক্রম ঘটে, তাতেই পৰিবেশৰ প্ৰদূষণ ঘটে। ইয়াৰ বাবে প্রধান জগৰীয়া মানুহ।
      শ্ৰেণী ভাগঃ  প্ৰদূষণ কেইবা প্ৰকাৰেও হ'ব পাৰো প্ৰকৃতি, জৈৱ, উদ্যোগ, পৰিবেশ, শব্দ প্ৰদূষণ ইত্যাদি। মানুহৰ জনসংখ্যা দিনক দিনে বাঢ়ি অহাত মানুহে থাকিবৰ বাবে হাবি-বননি কাটি ধ্বংস কৰিলে। সুবিধাৰ বাবে পাহাৰ কাটি, নৈ বান্ধিও প্রকৃতি নষ্ট কৰিলে। সেউজীয়া পৰিবেশ নাইকিয়া হল। বন্যপ্রাণীবোৰৰ থকা ঠাই নোহোৱাত লুপ্ত পালে। নগৰ-চহৰ, বাট-পথ বেছি হোৱাত যান-বাহনৰ সংখ্যা বাঢ়িল। অযত্ন পালিত যান-বাহনৰ ধোঁৱা আৰু বিষাক্ত গেছে মানুহৰ বেমাৰ বঢ়ালে, গছ-গছনি বঢ়াত বাধা হ’ল। তেনেকৈ কল-কাৰখানাৰ পৰা ওলোৱা ধোঁৱা, বিষাক্ত পদার্থ আৰু শব্দই প্ৰদূষণৰ সৃষ্টি কৰে। জীৱ-জন্তু মৰিলে তাক ভালদৰে পুতি নথলে বা জ্বলাই নিদিলেও প্ৰদূষণ হয়। মাইক আদি শব্দই শব্দ-প্রদূষণ ঘটায়। ওচৰ-চুবুৰীয়াৰ পৰিবেশ শান্তিময় নহঁলেও সামাজিক প্ৰদূষণৰ সৃষ্টি হয়। এইবোৰ বিভিন্ন কাৰণত আমাৰ জলবায়ু, পৰিবেশ প্ৰদূষিত হৈ মানৱ জাতি ধ্বংসৰ বাটত আগবাঢ়িছে।
       সামৰণিঃ  মানুহ আৰু প্ৰকৃতিৰ মাজত সমতা ৰক্ষা কৰিবলৈ যত্ন কৰিব লাগে। প্ৰদূষণৰ বাবে আমাৰ সুন্দৰ পৃথিৱীখন ধ্বংস হৈ যাব। তাৰ ৰক্ষা কৰা আমাৰ কৰ্তব্য। ইয়াৰ বাবে সামাজিক শিক্ষাৰ অতি প্রয়োজন। 


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Bottom Post Ad