Type Here to Get Search Results !

Anemia ( Raktahinota) Arun Yaar Pratikar [এনিমিয়া (ৰক্তহীনতা) আৰু ইয়াৰ প্ৰতিকাৰ ]-অনলাইন ৰচনা প্ৰতিযোগীতাৰ আৰ্হি

Anemia ( Raktahinota) Arun Yaar Pratikar [এনিমিয়া (ৰক্তহীনতা) আৰু ইয়াৰ প্ৰতিকাৰ ]-অনলাইন ৰচনা প্ৰতিযোগীতাৰ আৰ্হি ৷

বিঃদ্ৰঃ ছাত্ৰ-ছাত্ৰীসকলে  এই লেখাটোৰ সহায় লৈ নিজেই লিখিলে বেছি ভাল হয় ৷ 


এনিমিয়া ৰোগ ( ৰক্তহীনতা ) কি ?

আমাৰ শৰীৰৰ  তেজত থকা হিমগ্ল'বিনে অক্সিজেন পৰিবহণ কৰে আৰু এই অক্সিজেনে শৰীৰৰ বাবে আৱশ্যকীয় শক্তিৰ উৎপাদনত সহায় কৰে ৷ সাধাৰণতে শিশু , কিশোৰী , গৰ্ভৱতী আৰু প্ৰসতি মাতৃসকলৰ মাজত বেছিকৈ হোৱা দেখা যায় ৷ কিশোৰী আৰু মহিলাৰ তেজত থাকিব লগা হিমগ্ল'বিনৰ পৰিমাণ হ'ল প্ৰতি ১০০ মিঃলিঃ তেজত ১২-১৫.৫ গ্ৰাম ৷ যদি এই পৰিমাণ কমি গৈ প্ৰতি ১০০ মিঃলিঃত ৫-৯ গ্ৰাম হয়গৈ , তেন্তে এই অৱস্থাক ৰক্তহীনতা বুলি কোৱা হয় বা এনিমিয়াত ভোগা বুলি কোৱা হয় ৷ 
              
অনলাইন ৰচনা প্ৰতিযোগিতা
এনিমিয়া (ৰক্তহীনতা) আৰু ইয়াৰ প্ৰতিকাৰ

            বিশ্ব স্বাস্থ্য সংস্থা (WHO) ৰ পৰিসংখ্যা মতে উন্নয়নশীল দেশসমূহত ৰক্তহীনতা ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি ৷ কণ কণ শিশু , গৰ্ভৱতী ,মহিলা , প্ৰসূতি মাতৃসকলেই আটাইতকৈ বেছি এই পুষ্টিহীনতা ৰোগত দেখা যায় ৷ 
এনিমিয়া ৰোগৰ লক্ষণঃ 
১) প্ৰায়ে মুৰৰ বিষ আৰু ভাগৰুৱা অনুভৱ হয়।
২)টোপনিৰ ভাৱ আহিবলৈ ধৰে।
৩)কেতিয়াবা মুৰৰ ঘুৰণি আৰু চকুৰ আগত আন্ধাৰ দেখা ৷
৪) হৃদয়ৰ গতি অসামান্য হোৱা ৷
৫) কেতিয়াবা মুৰ্চ্ছা যোৱা ৷
৬) খাদ্যৰ প্ৰতি অনীহা ৷
৭)নখৰ ৰং বগা ধৰণৰ হোৱা ৷
৮) চকুৰ তলৰ অংশ ক’লা পৰা ইত্যাদি।

৯) উশাহ ছুটি হৈ অহা ৷

১০) নখৰ উপৰিভাগ চামুচৰ আকৃতি লোৱা  ৷

১১) গাৰ ছাল শেতা পৰা ৷

১২) ভৰিৰ সৰু গাঁঠিত পানী জমা হোৱা ৷

১৩) খাবলৈ মন নোযোৱা ৷

১৪) সৰু-লৰা ছোৱালীৰ ক্ষেত্ৰত বুদ্ধি আৰু বিকাশৰ  গতি লেহেমীয়া  হয় ৷

এনিমিয়া আৰু ইয়াৰ প্ৰতিকাৰ
অনলাইন ৰচনা লিখা প্ৰতিযোগিতা 


এই ৰোগ কিয় হয় ?: 
শৰীৰত হিমগ্ল’বিনৰ কম মাত্ৰাৰ বাবে এই ৰোগে দেখা দিয়ে। এই ৰোগ হোৱাৰ মুখ্য কাৰণসমূহ হ'লঃ 
১) দৈনিক খোৱা খাদ্যত প্ৰ’টিনযুক্ত আহাৰৰ অভাৱ।

২)স্ত্ৰীসকলৰ দেহত বিশেষকৈ পোষক তত্ত্ব যেনে, ফলিক এচিড আদিৰ অভাৱৰ ফলত এই ৰোগে দেখা দিয়ে।
৩) বিশেষকৈ গৰ্ভাৱস্থাত আয়ৰণ আৰু ফলিক এচিড পৰ্যাপ্ত পৰিমাণে গ্ৰহণ নকৰাৰ ফলত গৰ্ভৱতী স্ত্ৰীৰ এনিমিয়া হয়।

৪) খাদ্যত ভিটামিন বি ৰ অভাৱত ৷

 ইয়াৰ প্ৰতিকাৰঃ
১) যদি এনে ধৰণৰ কোনো লক্ষণ আমাৰ  ক্ষেত্ৰত দেখা দিয়ে তেনেহ’লে শীঘ্ৰেই ডাক্তৰৰ পৰামৰ্শ আমি লোৱা উচিত ৷ 

২)ভিটামিন বি জাতীয় অন্তৰ্ভুক্ত হৈ থকা আহাৰ খোৱা উচিত ৷ এই পৰিপোষকসমূহ সাধাৰণতে সেউজীয়া শাক,লিভাৰ,কণী,কিডনী, মাছ-মাংস , শুকান ফলমূল , আটা,ওটমিল, আমলখি আদিত পোৱা যায় ৷

৩) নিয়মিত সন্তুলিত আৰু পুষ্টিকৰ আহাৰ খাদ্যতালিকাত অন্তৰ্ভুক্ত কৰক। যেনে সেউজীয়া শাক-পাচলি, ফল, গাজৰ, আপেল, খেজুৰ, বাদাম, গুড় আৰু শুকান ফল (ড্ৰাই ফ্ৰুটচ) ইত্যাদি খোৱাৰ উপৰিও নেমু, কমলা, আঙুৰ আদি ভিটামিন ‘চি’ যুক্ত ফলমুল ভোজনত অন্তৰ্ভুক্ত কৰিব লাগে। এই খাদ্যসমুহৰ গ্ৰহণে শৰীৰত আয়ৰণ গ্ৰহণৰ ক্ষমতা বৃদ্ধি কৰিব।
৪) ইয়াৰোপৰি শৰীৰত আয়ৰণৰ মাত্ৰা বঢ়াবলৈ ডাক্তৰৰ পৰামৰ্শ অনুযায়ী আয়ৰণ আয়ৰণ আৰু ফলিক এচিডৰ কেপচুল খাব পাৰে।

সাৱধানঃ 

(১) গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত ৰক্তহীনতা ৰোগ হ'লে অৱস্থা বৰ গুৰুত্বৰ হয় ৷ এনে অৱস্থাত ৰোগীৰ ভাগৰ লাগে , উশাহ চুটি হৈ আহে , টোপনি ভাব আহে , নখৰ উপৰিভাগ চামুচৰ আকৃতি লয় ৷ সেইবাবে তেওঁলোক ফলিক এচিড পৰ্যাপ্ত পৰিমাণে থকা খাদ্য খাব লাগে ৷

(২) কেঁচুৱা আৰু কণ কণ ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত তেজত হিমগ্ল'বিনৰ পৰিমাণ কমি গৈ প্ৰতি ১০০ মিঃলিঃ তেজত ৫-৯ গ্ৰাম হয়গৈ ৷ এই অৱস্থাত শিশু নিস্তেজ আৰ নিষ্ক্ৰিয় হয় , গাৰ ছাল শেতা পৰে , খাবলৈ মন নোযোৱা হয় , যাৰ ফলত শিশুৰ বুদ্ধি আৰু বিকাশৰ গতি লেহেমীয়া হয় ৷ 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Bottom Post Ad