Type Here to Get Search Results !

SECOND CHAPTER: ACCOUNTING PRINCIPLES & CONCEPTS -CLASS IX-BOOK KEEPING & ACCOUNTANCY- হিচাপবিদ্যাৰ নীতি আৰু ধাৰণাসমূহ- দ্বিতীয় অধ্যায় - নৱম শ্ৰেণী- বাণিজ্য

প্ৰশ্নাৱলীঃ

১/ হিচাপবিদ্যাৰ ধাৰণা বুলিলে কি বুজা ? 

উত্তৰঃ হিচাপবিদ্যাৰ নথিসমূহৰ মাজত সামঞ্জস্যতা আৰু একতা বজাই ৰাখিবলৈ কিছুমান নিয়ম বা নীতি পালন কৰা হয় ৷ এই নীতি সমূহ হৈছে সাৰ্বজনীন আৰু এই নীতিৰ আধাৰত হিচাপবিদ্যাৰ বিত্তীয় প্ৰতিবেদন সমূহ প্ৰস্তুত কৰা হয় ৷ ইয়াক হিচাপবিদ্যাৰ ধাৰণা বুলি কোৱা হয় ৷ 

২/ হিচাপবিদ্যাৰ ধাৰণাসমূহৰ নাম লিখা ৷

উত্তৰঃ হিচাপবিদ্যাৰ ধাৰণাসমূহ হ'লঃ

(ক) ব্যৱসায়ৰ অস্তিত্বৰ ধাৰণা 

(খ) চলন্ত ব্যৱসায়ৰ ধাৰণা 

(গ) মুদ্ৰা পৰিমাপক ধাৰণা 

(ঘ) ব্যয়মূল্যৰ  ধাৰণা 

(ঙ) দ্বৈত দিশৰ ধাৰণা 

(চ) হিচাপ গণনাকালৰ  ধাৰণা 

(ছ) আয় স্বীকৃতিৰ  ধাৰণা 

(জ) উদ্ভুত  ধাৰণা 

(চ) সমতুল্য  ধাৰণা 
SECOND CHAPTER: ACCOUNTING PRINCIPLES & CONCEPTS -CLASS IX-BOOK KEEPING & ACCOUNTANCY- হিচাপবিদ্যাৰ নীতি আৰু ধাৰণাসমূহ- দ্বিতীয় অধ্যায় - নৱম শ্ৰেণী- বাণিজ্য



৩/ ব্যৱসায়ৰ অস্তিত্বৰ  ধাৰণা মানে কি বুজা ?

উত্তৰঃ ব্যৱসায়ৰ  অস্তিত্বৰ  ধাৰণা অনুসৰি ব্যৱসায় হৈছে এক স্বতন্ত্ৰ অস্তিত্ব ৷ অৰ্থাৎ এটা ব্যৱসায় আৰু ইয়াৰ মালিক বা মালিকীস্বত্ব হৈছে দুটা সম্পূৰ্ণ সুকীয়া অস্তিত্ব ৷ 

৪/ চলন্ত  ব্যৱসায়ৰ ধাৰণা মানে কি বুজা ? 

উত্তৰঃ চলন্ত ব্যৱসায়ৰ ধাৰণা অনুসৰি, ব্যৱসায় হৈছে এটা চলন্ত গোট আৰু ই অনিৰ্দিষ্ট কালৰ বাবে চলি থাকিব ৷

৫/ মুদ্ৰা পৰিমাপক ধাৰণা মানে কি বুজা ?

উত্তৰঃ মুদ্ৰা পৰিমাপক ধাৰণা হৈছে একমাত্ৰ সেইবিলাক লেন-দেন হিচাপৰ বহীত লিপিবদ্ধ কৰা হয় যিবিলাক লেন-দেন টকাৰ মাধ্যমত প্ৰকাশ কৰিব পাৰি বা যিবিলাক লেন-দেন মুদ্ৰা মানেৰে জুখিব পাৰি ৷

৬/ দ্বৈত দিশৰ ধাৰণা বুলিলে কি বুজা ?

উত্তৰঃ দ্বৈত্ব দিশৰ ধাৰণা হৈছে হিচাপ বিদ্যাৰ মূল ভেটি ৷  এই ধাৰণা অনুসৰি প্ৰতিটো লেন-দেন হিচাপৰ বহীত নথিভুক্ত কৰাৰ সময়ত দুটা দিশত প্ৰকাশ কৰা হয় - ডেবিট আৰু ক্ৰেডিট ৷

৭/ ব্যয়মূল্যৰ  ধাৰণা মানে কি বুজা ?

উত্তৰঃ ব্যয়মূল্যৰ  ধাৰণা  হৈছে যিকোনো সামগ্ৰী বা সম্পত্তি  হিচাপৰ বহীত সেই দামত লিপিবদ্ধ কৰা হয়, যি মূল্য সেই সামগ্ৰী বা সম্পত্তিসমূহ ক্ৰয় কৰাৰ সময়ত প্ৰদান কৰা হয় ৷ 

৮/ হিচাপ গণনাকালৰ  ধাৰণা মানে কি বুজা ? 

উত্তৰঃ এটা ব্যৱসায়ৰ জীৱন কালছোৱা একো একোটা ক্ষুদ্ৰ ভাগ কৰা হয়, ইয়াক হিচাপ গণনাকাল বুলি কোৱা হয় ৷ এই গণনা কাল সাধাৰণতে এবছৰীয়া হয় ৷ 

৯/ আয় স্বীকৃতিৰ ধাৰণা মানে কি বুজা ?

উত্তৰঃ আয় স্বীকৃতিৰ ধাৰণা অনুসৰি ব্যৱসায়ত লেন-দেনৰ পৰা হোৱা আয় তেতিয়া স্বীকৃতি দিয়া হয়, যেতিয়া বিক্ৰী কাৰ্য সম্পাদন হয় ৷ বিক্ৰীৰ ধন পোৱাৰ ওপৰত ভিত্তি কৰি আয় স্বীকৃতি দিয়া নহয় ৷ উদাহৰণস্বৰূপেঃ যদি বিক্ৰীৰ তাৰিখ আৰু বিক্ৰীৰ ধন আদায় পোৱাৰ তাৰিখ দুটা সুকীয়া হয়, তেতিয়া যিদিনা ব্যৱসায়ত বিক্ৰী কাৰ্য সম্পাদন হয়, সেইদিনা আয় হৈছে বুলি ধৰা হয় ৷ 

১০/ উদ্ভুত ধাৰণা মানে কি বুজা ?

উত্তৰঃ উদ্ভুত ধাৰণা অনুসৰি এটা লেন-দেন যেতিয়া সংঘটিত হয়, তেতিয়া তাক হিচাপৰ বহীত লিপিবদ্ধ কৰা হয় ৷ ধন দিয়া বা ধন পোৱাৰ ওপৰত ভিত্তি কৰি লেন-দেন এটা লিপিবদ্ধ কৰা নহয় ৷ 

১১/ সমতুল্য  ধাৰণা মানে কি বুজা ? 

উত্তৰঃ সমতুল্য ধাৰণা অনুসৰি এক নিৰ্দিষ্ট সময়ৰ ভিতৰত সংঘটিত হোৱা আয়ক সেই সময়ৰ ব্যয়ৰ সৈতে তুলনা কৰা হয় ৷ 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Bottom Post Ad