Type Here to Get Search Results !

ছাত্ৰ-ছাত্ৰীৰ বাবে ১৫ দিনীয় স্ব-শিকন সমল- ( সমল নং ২) পাঠ নং ১৮- বৰ্জিত পানীৰ কথা - বিষয় - বিজ্ঞান, অষ্টম শ্ৰেণী ( সপ্তম শ্ৰেণীৰ পুনৰালোচনা),

ছাত্ৰ-ছাত্ৰীৰ বাবে ১৫ দিনীয় স্ব-শিকন সমল- ( সমল নং ২) পাঠ নং ১৮- বৰ্জিত পানীৰ কথা - বিষয় -  বিজ্ঞান, অষ্টম শ্ৰেণী

চমু আভাষঃ ছাত্ৰ-ছাত্ৰীসকল আমি সকলাৱে জানো যে পানীয়েই আমাৰ প্ৰাণ। কিন্তু জনসংখ্যা বৃদ্ধি, প্রদূষণ, উদ্যোগিক বিকাশ আদি বিভিন্ন কাৰণত পৃথিৱীত খোৱাৰ উপযোগী বিশুদ্ধ পানীৰ ক্রমাগতভাবে নাটনি হৈ আহিছে। সেয়েহে পানীৰ অপচয় ৰোধে কৰাত আমি গুৰুত্ব আৰোপ কৰিব লাগিব। আমাৰ ঘৰ উদ্যোগ, চিকিৎসালয় আদিত ব্যৱহাৰ কৰি পেলাই দিয়া পানীখিনিক বর্জিত পানী বোলা হয়। এই বর্জিত পানীখিনি উপচাৰ অর্থাৎ পৰিষ্কাৰ কৰি পুনৰ ব্যৱহাৰৰ উপযোগী কৰি পানী প্ৰদূষণ আৰু অপচয় ৰোধ কৰিব পৰা কথাটো আমি জানো আহাচোন আমি তলৰ ক্রিয়াকলাপকেইটা কৰি চাওঁ।

ক্রিয়াকলাপ-১
তোমালাকে ভালদৰে পর্যবেক্ষণ কৰি তলৰ তালিকাখন পূৰ কৰা-
(পানীখিনি জিভাত লগাই সোৱাদ নলবা)

 বৰ্জিত পানীৰ প্ৰকাৰ

 গোন্ধ আছে/নাই 

 মিহলি হৈ থকা দূষিতকাৰক দ্ৰব্য

 পানীখিনি গৈ জমাহোৱা স্থান

 যদি পুনৰ অন্য কামত ব্যৱহাৰ কৰিব পাৰি, কামটো উল্লেখ কৰা

 শাক-পাচলি ধোৱা পানী

 আছে 

শাক-পাচলিৰ পেলনীয়া অংশ

 বাৰীৰ চুকৰ দ স্থানত

 ফুলৰ টাব, গছৰ গুৰিত দিয়া কামত 

মাছ-মাংস ধোৱা পানী 

 

 

 

 

 বাচন ধোৱা পানী

 

 

 

 

 কাপোৰ আওডালা পানী

 

 

 

 

 মুখ ধোৱা পানী

 

 

 

 

 গা-ধোৱা পানী

 

 

 

 

 গাড়ী-মটৰ ধোৱা পানী

 

 

 

 

 অন্যান্য কামত ব্যৱহাৰ কৰা পানী

 

 

 

 

 


    পর্যবেক্ষণৰ পৰা তোমালাকে দেখিলা যে কিছুমান বর্জিত পানী পুনৰ ব্যৱহাৰৰ উপযােগী হয় যদিও সকলো বর্জিত পানী পুনৰ ব্যৱহাৰৰ উপযোগী নহয়। বর্জিত পানীখিনি আমি কিদৰে উপাচাৰ অর্থাৎ পৰিষ্কাৰ কৰি পুনৰ ব্যৱহাৰৰ উপযোগী কৰি তুলিব পাৰো, সেই বিষয়ে বিতংভাবে জানিবলৈ তোমালোকে পাঠ্যপুথিৰ পাঠ নং ১৮ বর্জিত পানীৰ কথা” পাঠটি ভালদৰে পঢ়া আৰু লগতে পাঠটিত থকা ক্রিয়াকলাপ ১৮.৩ টো বর্জিত পানীৰ উপাচাৰ কৰি চাবলৈ যত্ন কৰা।




  এতিয়া তোমালোকে তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিবলৈ যত্ন কৰা-

১। খালী ঠাই পূৰ কৰা 

(ক) পুতিজল এবিধ _______ আৱৰ্জনা।

(খ) পুতিজলত থকা নাইট্রেট, ফছফেট আদি বিভিন্ন ধাতুবোৰ ______ অশুদ্ধি।

(গ) পুতিজলত থকা প্ৰাণীৰ মল-মূত্ৰবোৰ _______ অশুদ্ধি।

(ঘ) __________  ক'লেৰা, টাইফয়েড আদি ৰোগৰ কাৰক।

(ঙ) বর্জিত পানীক উপচাৰ কৰা প্ৰক্ৰিয়াটোক ________ বোলে।

উত্তৰঃ 


 বৰ্জিত পানীৰ প্ৰকাৰ

 গোন্ধ আছে/নাই 

 মিহলি হৈ থকা দূষিতকাৰক দ্ৰব্য

 পানীখিনি গৈ জমাহোৱা স্থান

 যদি পুনৰ অন্য কামত ব্যৱহাৰ কৰিব পাৰি, কামটো উল্লেখ কৰা

 শাক-পাচলি ধোৱা পানী

 আছে 

শাক-পাচলিৰ পেলনীয়া অংশ

 বাৰীৰ চুকৰ দ স্থানত

 ফুলৰ টাব, গছৰ গুৰিত দিয়া কামত 

মাছ-মাংস ধোৱা পানী 

 আছে 

 মাছ-মাংসৰ পেলনীয়া অংশ

 বাৰীৰ চুকৰ দ অংশ তথা নলা-নৰ্দমাত 

   গছৰ গুৰিত দিয়া কামত 

 বাচন ধোৱা পানী

 আছে

 চাবোনপানী আৰু আমাৰ খাদ্যৰ অংশ , চৰ্বী আৰু তেলজাতীয় পদাৰ্থ

  বাৰীৰ চুকৰ দ অংশ তথা নলা-নৰ্দমাত 

নোৱাৰি

 কাপোৰ আওডালা পানী

 আছে

 চাবোনপানী আৰু কাপোৰত জমা হোৱা বিভিন্ন ধূলি-বালি তথা মলি

  বাৰীৰ চুকৰ দ অংশ তথা নলা-নৰ্দমাত 

মুচিবলৈ 

 মুখ ধোৱা পানী

 আছে

 মুখৰ ভিতৰত লাগি থকা খাদ্যৰ টুকুৰা বা দাঁতত লাগি থকা খাদ্যৰ অংশ

  বাৰীৰ চুকৰ দ অংশ তথা নলা-নৰ্দমাত 

 নোৱাৰি

 গা-ধোৱা পানী

 আছে

 চাবোন পানী আৰু গাৰ মলি 

  বাৰীৰ চুকৰ দ অংশ তথা নলা-নৰ্দমাত 

 নোৱাৰি

 গাড়ী-মটৰ ধোৱা পানী

 আছে

 গাড়ী-মটৰত লাগি থকা লেতেৰা ,ধূলি-বালি ,বোকা 

  বাৰীৰ চুকৰ দ অংশ তথা নলা-নৰ্দমাত , নদীত

 নোৱাৰি

 অন্যান্য কামত ব্যৱহাৰ কৰা পানী

 আছে

 পৰিৱেশত বিভিন্ন কামত ব্যৱহাৰ কৰা বস্তুৰ লগত লাগি যোৱা লেতেৰা

  বাৰীৰ চুকৰ দ অংশ তথা নলা-নৰ্দমাত 

 

নোৱাৰি 


(ক) পুতিজল এবিধ জুলীয়া আৱৰ্জনা।

(খ) পুতিজলত থকা নাইট্রেট, ফছফেট আদি বিভিন্ন ধাতুবোৰ অজৈৱ অশুদ্ধি।

(গ) পুতিজলত থকা প্ৰাণীৰ মল-মূত্ৰবোৰ জৈৱ অশুদ্ধি।

(ঘ) বেক্টেৰিয়া  ক'লেৰা, টাইফয়েড আদি ৰোগৰ কাৰক।

(ঙ) বর্জিত পানীক উপচাৰ কৰা প্ৰক্ৰিয়াটোক পূতিজল উপচাৰ বোলে।

Post a Comment

1 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Please don't use spam link in the comment box.

Top Post Ad

Bottom Post Ad