Type Here to Get Search Results !

Probability -Mathematics-Class IX -Assamese Medium -Chapter 15.1- সম্ভাৱিতা - সাধাৰণ গণিত- নৱম শ্ৰেণী

    অনুশীলনী 15.1 ৰ সমস্যাসমূহঃ

    1. এখন ক্রিকেট খেলত এগৰাকী মহিলা ক্রিকেটাৰে 30 টা বলৰ ভিতৰত 6 টা বাউণ্ডেৰী কোবায়। তেওঁ বাউণ্ডেৰী নোকোবোৱাৰ সম্ভাৱিতা উলিওৱা।

    2. 2 টাকৈ সন্তান থকা 1500 টা পৰিয়াল যাদৃচ্ছিকভাৱে বাছনি কৰা হৈছিল আৰু নিম্নোক্ত

    তথ্যসমূহ লিপিবদ্ধ কৰা হৈছিল—

        

    এটা পৰিয়ালত ছোৱালীৰ সংখ্যা

    2

    1

    0

    পৰিয়ালৰ সংখ্যা

    475

    814

    211


     যাদৃচ্ছিকভাৱে বাছনি কৰা এটা পৰিয়ালৰ ক্ষেত্ৰত সম্ভাৱিতা নির্ণয় কৰা যাব

    (i) 2 জনী ছোৱালী থাকে (ii) 1 জনী ছোৱালী থাকে (iii) কোনো ছোৱালী নাথাকে। লগতে, এই সম্ভাৱিতাবোৰৰ সমষ্টি 1 হয়নে পৰীক্ষা কৰি চোৱা

    3. অধ্যায়-14 অনুচ্ছেদ 14.4, উদাহৰণ 5 দ্রষ্টব্য। শ্ৰেণীটোৰ এজন ছাত্ৰৰ আগষ্ট মাহত জন্ম হোৱাৰ সম্ভাৱিতা নির্ণয় কৰা 


    4. তিনিটা মুদ্ৰা 200 বাৰ একেলগে টছ্ কৰা হ'ল আৰু বিভিন্ন ফলৰ বাৰংবাৰতাসমূহ নিম্নোক্ত ধৰণে পোৱা গ'ল— 


    ফল

    3 টা মুণ্ড

    2 টা মুণ্ড

    1 টা মুণ্ড

    মুণ্ড নাই

    বাৰংবাৰতা

    23

    72

    77

    28


      যদি মুদ্রা তিনিটা একেলগে আকৌ টছ্ কৰা হয়, তেন্তে 2 মুণ্ড প্রাপ্ত হোৱাৰ বাবে সম্ভাৱিতা উলিওৱা।

    5. কোনো সংস্থাই যাদৃচ্ছিকভাৱে 2400 টা পৰিয়াল বাছনি কৰিছিল আৰু এটা পৰিয়ালত থকা গাড়ীৰ সংখ্যাৰ সৈতে পৰিয়ালটোৰ আয়ৰ কিবা সম্পর্ক আছে নেকি নির্ণয় কৰাৰ বাবে জৰীপ চলাইছিল। প্রাপ্ত তথ্যসমূহ নিম্নোক্ত তালিকাত উল্লেখ কৰা হ'ল :




    মাহিলী আয়

    (টকাত)

    পৰিয়ালে প্ৰতি গাড়ীৰ সংখ্যা 


    0

    1

    2

    2 ৰ অধিক

    7,000 তকৈ কম

    10

    160

    25

    0

    7,000 - 10,000

    0

    305

    27

    2

    10,000 - 13,000

    1

    535

    29

    1

    13,000 - 16,000

    2

    469

    59

    25

    16,000 বা ততোধিক

    1

    579

    82

    88


    ধৰা হ'ল, পৰিয়াল এটা বাছনি কৰা হৈছে। সম্ভাৱিতা নির্ণয় কৰা যে বাছনিকৃত পৰিয়ালটোৰ

    (i) মাহিলি 10,000 – 13,000 টকাৰ ভিতৰত উপার্জন আৰু 2 খনহে গাড়ী আছে।

    (ii)মাহিলি উপার্জন 16,000 টকা বা ততোধিক আৰু | খনহে গাড়ী আছে।

    (iii) মাহিলি উপার্জন 7,000 তকৈ কম আৰু কোনো গাড়ী নাই।

    (iv) মাহিলি উপার্জন 13,000 – 16,000 টকাৰ ভিতৰত আৰু 2 খনতকৈ অধিক গাড়ী আছে।

    (v) ৷ খনতকৈ অধিক গাড়ী নাই।



    6. তালিকা 14.7, অধ্যায় 14 দ্রষ্টব্য।

    (1) গণিতৰ পৰীক্ষাত এজন ছাত্ৰই 20% তকৈ কম নম্বৰ পোৱাৰ সম্ভাৱিতা নির্ণয় করা।

    (ii) এজন ছাত্রই 60 অথবা তাতকৈ অধিক নম্বৰ লাভ কৰাৰ সম্ভাবিতা উলিওৱা।

    7. পৰিসংখ্যা বিজ্ঞান বিষয়টোৰ সম্পৰ্কে ছাত্ৰ-ছাত্ৰীৰ মনোভাৱ জনাৰ উদ্দেশ্যে 200 গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত এটা জৰীপ চলোৱা হৈছিল। প্রাপ্ত তথ্যসমূহ নিম্নোক্ত তালিকাত উল্লেখ কৰা হ'ল।

          

    মনোভাৱ

    ছাত্ৰ-ছাত্ৰীৰ সংখ্যা

    প্ৰিয় 


    অপ্ৰিয়

    135


    65


    যাদৃচ্ছিকভাৱে বাছনি কৰা এজন ছাত্র বা ছাত্ৰীৰ ক্ষেত্ৰত সম্ভাৱিতা উলিওৱা যাতে

    (i) তেওঁ পৰিসংখ্যা বিজ্ঞান ভাল পায়। (ii) তেওঁ ইয়াক ভাল নাপায়।

    8. অনুশীলনী 14.2, প্রশ্ন 2 দ্রষ্টব্য। ব্যৱহাৰিক সম্ভাৱিতা নির্ণয় কৰা যাতে এগৰাকী অভিযন্তাই

    (i) নিজৰ কৰ্মস্থলীৰপৰা 7 কিঃমিঃতকৈ কম দূৰত্ব ঠাইত বাস কৰে।

    (ii) নিজৰ কৰ্মস্থলীৰপৰা 7 কিঃমিঃ বা তাতোকৈ বেছি দূৰত্বৰ ঠাইত বাস কৰে।

    (iii) নিজৰ কৰ্মস্থলীৰপৰা ½কিঃমিঃৰ ভিতৰত বাস কৰে।

    9. কার্য : তোমালোকৰ বিদ্যালয়ৰ সন্মুখেৰে এক নিৰ্দিষ্ট সময় অন্তৰালত পাৰ হৈ যোৱা দুচকীয়া, তিনিচকীয়া আৰু চাৰ্চিকীয়া যানৰ বাৰংবাতা টুকি ৰাখা। তুমি লক্ষ্য কৰা মুঠ যানসমূহৰ ভিতৰত যিকোনো এখন যান দুই চকীয়া হোৱাৰ সম্ভাৱিতা উলিওৱা।

    10. কাৰ্য : তোমাৰ শ্ৰেণীৰ আটাইবোৰ ছাত্ৰ-ছাত্রীকে এটা 3 অংকীয়া সংখ্যা লিখিবলৈ দিয়া। কোঠাটোৰ এগৰাকী ছাত্র বা ছাত্রীক যাদৃচ্ছিকভাৱে বাছনি কৰা। তেওঁ লিখা সংখ্যাটো 3 ৰে বিভাজ্য হোৱাৰ সম্ভাৱিতা কিমান? মনত ৰাখিবা যে এটা সংখ্যা 3 ৰে বিভাজ্য হয় যদি ইয়াৰ অংক কেইটাৰ সমষ্টিটো 3 ৰে বিভাজ্য হয়।


    11. প্রত্যেকতে 5 কিঃগ্রাঃ বুলি চিহ্নিত কৰা গম আটাৰ এঘাৰটা মোনাত প্ৰকৃততে আটাৰ ওজন

    (কিঃগ্ৰাঃত) আছিল নিম্নোক্ত ধৰণৰ—

    4.97 5.05 5.08 5.03 5.00 5.06 5.08 4.98 5.04 5.07 5.00

    এই মোনাবোৰৰপৰা যাদৃচ্ছিকভাৱে বাছনি কৰা কোনোবা এটা মোনাত 5 কিঃগ্রাঃতকৈ বেছি আটা থকাৰ সম্ভাৱিতা নির্ণয় কৰা।

    12. অনুশীলনী 14.2, প্রশ্ন-5 অত কোনো এখন মহানগৰীৰ 30 দিন ধৰি প্ৰতি PPM (parts per million) বায়ুত ছালফাৰ ডাই-অক্সাইডৰ গাঢ়তা সম্বন্ধীয় এখন বাৰংবাৰ্তা বিভাজন তালিকা প্রস্তুত কৰিবলৈ তোমালোকক কোৱা হৈছিল। এই তালিকাৰ সহায়ত উক্ত দিনবোৰৰ যিকোনো এটাত ছালফাৰ ডাই-অক্সাইডৰ গাঢ়তা 0.12 - 0.16 অন্তৰালত থকাৰ সম্ভাৱিতা উলিওৱা। 

    13, অনুশীলনী 14.2, প্রশ্ন-1 অত তোমালোকক এটা শ্ৰেণীৰ 30 গৰাকী ছাত্ৰ-ছাত্ৰীৰ তেজৰ গ্রুপ সম্বন্ধীয় এখন বাৰংবাৰতা বিভাজন তালিকা প্রস্তুত কৰিবলৈ কোৱা হৈছিল। এই তালিকাখনৰ সহায়ত এই শ্ৰেণীটোৰ যাদৃচ্ছিকভাৱে বাছনি কৰা এগৰাকী ছাত্র বা ছাত্ৰীৰ তেজৰ গ্ৰুপ AB হোৱাৰ সম্ভাৱিতা উলিওৱা ।

    সমাধানসমূহ ঃ 





    Post a Comment

    0 Comments
    * Please Don't Spam Here. All the Comments are Reviewed by Admin.

    Top Post Ad

    Bottom Post Ad