Type Here to Get Search Results !

Surface Areas and Volumes -Mathematics-Class X -Exercise -13.3 -Assamese Medium -Chapter 13- পৃষ্ঠকালি আৰু আয়তন - সাধাৰণ গণিত- দশম শ্ৰেণী

    পৃষ্ঠকালি আৰু আয়তনৰ অনুশীলনী 13.3 ৰ সমস্যাসমূহঃ

     অনুশীলনীঃ 13.3

    অন্য ধৰণে উল্লেখ নাথাকিলে, π = 22/7  ল'বা।

    1. 4.2.ছে.মি. ব্যাসাৰ্দ্ধৰ ধাতুৰ গোলক এটা গলাই পেলোৱা হ’ল আৰু তাক পুনৰ 6 চে.মি. ব্যাসাৰ্ধ এটা বেলন আকৃতি দিয়া হ'ল। বেলনটোৰ উচ্চতা নির্ণয় কৰা।

    2. 6 চে.মি., 8.চে.মি. আৰু 10 চে.মি., ব্যাসাৰ্ধ তিনিটা ধাতুৰ গোলক গলাই এটা নতুন গোলক তৈয়াৰ কৰা হ’ল। নতুন গোলকটোৰ ব্যাসাৰ্ধ  নির্ণয় কৰা।

    3. 20 মিটাৰ গভীৰ আৰু 7 মিটাৰ ব্যাসৰ এটা কুৱা খান্দি তাৰ মাটিখিনি সমভাৱে বহলাই 22 মি. × 14 মি. জোখৰ প্লেটফৰ্ম এখন প্ৰস্তুত কৰা হ'ল। প্লেটফৰ্মখনৰ উচ্চতা নির্ণয় কৰা।

    class seba maths solution hslc maths


    4. এটা 3 মিটাৰ ব্যাসৰ কুঁৱা 14 মিটাৰ গভীৰলৈ খন্দা হ’ল। ইয়াৰ পৰা ওলোৱা মাটিখিনি সমানভাৱে বহলাই 4 মিটাৰ প্ৰস্থৰ বৃত্তাকাৰ আঙঠিসদৃশ এটা ঢাপ সজোৱা হ'ল । ঢাপটোৰ উচ্চতা নির্ণয় কৰা।

    5. 12 চে.মি. ব্যাস আৰু 15 চে.মি. উচ্চতাৰ লম্বীয় বৃত্তাকাৰ বেলন আকৃতিৰ এটা পাত্ৰ আইচক্রীমেৰে পূৰ্ণ হৈ আছে। আইচক্রীমখিনি 12 চে.মি. উচ্চতা আৰু 6 চে.মি. ব্যাসৰ ওপৰৰ ফালে অৰ্ধগোলক আকৃতিৰ শংকুত ভৰাব লাগে। এই আইচক্রীমখিনিৰে পূৰাব পৰা এনে কিমান সংখ্যক শংকু পাম নিৰ্ণয় কৰা৷

    6. 5.5 চে.মি. × 10 চে.মি. × 3.5 চে.মি. মাপৰ এটা চৌপল সাজিবলৈ 1.75 চে.মি. ব্যাস আৰু 2 মি.মি. ডাঠৰ কিমানটা ৰূপৰ মুদ্ৰা গলাব লাগিব?

    7. 32 চে.মি. ওখ আৰু 18 চে.মি. ভূমি ব্যাসাৰ্ধবিশিষ্ট এটা বেলন আকৃতিৰ বাল্টি বালিৰে পূৰ্ণহৈ আছে। এই বাল্টিটো মাটিত খালী কৰাত এটা শংকু আকৃতিৰ দ’ল সৃষ্টি হল। শংকু আকৃতিৰ দ’লটোৰ উচ্চতা 24 চে.মি. হ’লে, শংকুটোৰ ব্যাসাৰ্ধ হেলনীয়া উচ্চতা নির্ণয় কৰা।

    8. 6 মি. বহল আৰু 1.5 মি. গভীৰ এটা নলাৰে 10 কি.মি./ঘণ্টা বেগেৰে পানী বৈ আছে। 30 মিনিটত ই কিমান ক্ষেত্ৰত জলসিঞ্চন কৰিব পাৰিব, যদি পানীৰ স্থিৰ উচ্চতা ৪ চে.মি. প্রয়োজন?

    9. এজন খেতিয়কে তেওঁৰ পথাৰত থকা 10 মি. ব্যাস আৰু 2 মি. গভীৰতাৰ এটা বেলন আকৃতিৰ চৌবাচ্চাৰ লগত 20 চে.মি. ভিতৰ ব্যাসৰ এডাল পাইপ এটা নলাৰ লগত সংযোগ কৰি দিলে। যদি            3 কিঃমিঃ/ঘণ্টা হাৰত পাইপেৰে পানী বৈ যায় তেন্তে চৌবাচ্চাটো ভৰ্তি হ’বলৈ কিমান সময় লাগিব?

    পৃষ্ঠকালি আৰু আয়তনৰ অনুশীলনী 13.3 ৰ সমাধানসমূহঃ

    Post a Comment

    0 Comments
    * Please Don't Spam Here. All the Comments are Reviewed by Admin.

    Top Post Ad

    Bottom Post Ad