পাঠ ১
আমাৰ পৰিয়াল
ছবি চাই কওঁ আহা -
➢ অৰূপহঁতৰ পৰিয়ালত কোন কোন আছে ?
উত্তৰ: অৰূপহঁতৰ পৰিয়ালত মাক, দেউতাক, অৰূপ আৰু ভনীয়েক আছে।
➢ ছবিখনত দেখা মতে অৰূপৰ মাক - দেউতাকে কি কৰি আছে ?
উত্তৰ: ছবিখনত অৰূপৰ মাকে ফুলৰ গছত পানী দি আছে আৰু দেউতাকে অৰূপৰ ভনীয়েকৰ লগত আম বুটলি আছে।
➢ মাকৰ কামত কোনে সহায় কৰিছে ?
উত্তৰ: অৰূপে মাকৰ কামত সহায় কৰিছে।
লিখোঁ আহা -
➢ নয়নাহঁতৰ পৰিয়ালত কোন কোন সদস্য আছে ?
উত্তৰ: নয়নাহঁতৰ পৰিয়ালত ককা, আইতা, মাক, দেউতাক, নয়না আৰু তাইৰ ভাই-ভনীয়েক আছে।
➢ অৰূপ আৰু নয়নাহঁতৰ পৰিয়াল দুটাৰ কোনটো একক আৰু কোনটো যৌথ পৰিয়াল ?
উত্তৰ: অৰূপহঁতৰ পৰিয়ালটো একক পৰিয়াল আৰু নয়নাহঁতৰ পৰিয়ালটো যৌথ পৰিয়াল।
তোমালোকৰ আইতা-ককাহঁতে সৰুতে কি কি খেল খেলিছিল জানানে ?
উত্তৰ: আমাৰ আইতা-ককাহঁতে সৰুতে লুকাভাকু, কাবাডী, দৌৰা-দৌৰি, কিত্-কিত্ আৰু গুটি খেলিছিল।
লিখোঁ আহা -
তোমালোকৰ বন্ধুসকলৰ সৈতে কি কি খেল খেলা ?
উত্তৰ: আমি বন্ধুসকলৰ সৈতে ক্ৰিকেট, ফুটবল, কাবাডী, লুকাভাকু আৰু দৌৰা-দৌৰি খেলোঁ।
লিখোঁ আহা -
তোমালোকৰ ঘৰত ব্যৱহাৰ কৰা বাচন-বৰ্তনৰ নাম লিখা ৷
উত্তৰ: কাঁহী, বাতি, গিলাচ, কাপ, চামুচ, কেৰাহী, হাড়ি আৰু কেটলি আদি।
ক্ৰিয়া-কলাপ ১
তোমালোকৰ পৰিয়ালৰ সদস্যসকলে কি কি কামত ইজনে সিজনক সহায় কৰা তাৰ এখন তালিকা প্ৰস্তুত কৰা ৷
উত্তৰ: আমাৰ পৰিয়ালৰ সদস্যসকলে বিভিন্ন কামত ইজনে সিজনক সহায় কৰে। যেনে—
(১) মাকে ৰন্ধা-বঢ়াৰ কামত সকলোকে সহায় কৰে।
(২) দেউতাকে বজাৰ-সমাৰ আৰু ঘৰুৱা কামত সহায় কৰে।
(৩) ল’ৰা-ছোৱালীয়ে ঘৰ পৰিষ্কাৰ কৰাত সহায় কৰে।
(৪) ককা-আইতাই সৰু ল’ৰা-ছোৱালীৰ যত্ন লয়।
(৫) পৰিয়ালৰ কোনো সদস্য অসুস্থ হ’লে সকলোৱে তেওঁৰ যত্ন লয়।
(৬) সকলোৱে ইজনে সিজনৰ সুখ-দুখত সহায় কৰে।
(৭) ঘৰৰ কামবোৰ সকলোৱে মিলি-জুলি সম্পূৰ্ণ কৰে।
| পৰিয়ালৰ সদস্য | সহায় কৰা কাম |
|---|
| মাক | ৰন্ধা-বঢ়া আৰু ঘৰৰ কামত |
| দেউতাক | বজাৰ কৰা আৰু ঘৰৰ কামত |
| সন্তান | কিতাপ-পাতি সজোৱা আৰু ঘৰ পৰিষ্কাৰ কৰাত |
| ককা-আইতা | সৰু ল'ৰা-ছোৱালীৰ যত্ন লোৱাত |
প্ৰকল্প:
IMAGE CREDIT: SCERT,ASSAM
উত্তৰ:
প্ৰকল্প
তোমালোকৰ চুবুৰিত থকা যিকোনো তিনিটা পৰিয়ালৰ ঘৰবাৰীলৈ মন কৰা। তাৰ পিছত তলৰ তালিকাখন পূৰোৱা—
| ঘৰ ক্ৰমিক নং | ঘৰ গৰাকীৰ নাম | ঘৰ প্ৰকাৰ | ঘৰ মজিয়া নিৰ্মাণত ব্যৱহাৰ কৰা সামগ্ৰী | বেৰৰ নিৰ্মাণত ব্যৱহাৰ কৰা সামগ্ৰী | চালি নিৰ্মাণত ব্যৱহাৰ কৰা সামগ্ৰী |
|---|
| ১ | ৰমেন দাস | পকা ঘৰ | চিমেণ্ট আৰু বালি | ইটা আৰু চিমেণ্ট | কংক্ৰিট |
| ২ | হেমন্ত বৰা | অসমীয়া পৰম্পৰাগত ঘৰ | মাটি | বাঁহ আৰু মাটি | টিন |
| ৩ | বিজয় কলিতা | পকা ঘৰ | চিমেণ্ট আৰু বালি | ইটা আৰু চিমেণ্ট | টিন |
টোকা: এইটো উদাহৰণ। তোমাৰ চুবুৰিৰ প্ৰকৃত তিনিটা ঘৰৰ গৰাকীৰ নাম আৰু ঘৰ নিৰ্মাণত ব্যৱহাৰ কৰা সামগ্ৰীৰ নাম লিখিলে প্ৰকল্পটো অধিক শুদ্ধ হ'ব।
কওঁ আহা -
➢ অমল, বিমল, সুমল - তিনিও বন্ধু এটা ভাড়াঘৰত থাকে ৷ এওঁলোকক এতি পৰিয়াল বুলিব পাৰিনে ?
উত্তৰ: নোৱাৰি। কেৱল একেলগে ভাড়াঘৰত থকাৰ বাবে অমল, বিমল আৰু সুমলক এটা পৰিয়াল বুলি ক'ব নোৱাৰি। পৰিয়ালত সাধাৰণতে আত্মীয়তা বা পাৰিবাৰিক সম্পৰ্ক থকা সদস্য থাকে।
➢ বয়স বঢ়াৰ লগে লগে বয়োজ্যেষ্ঠ লোকসকলৰ বহুতো শাৰীৰিক সমস্যাই দেখা দিয়ে , যেনে - খোজ লেহেম হয়, শুনা আৰু দেখাত অসুবিধা পায় ৷ এই সময়ছোৱাত তেওঁলোকক কেনেধৰণে সহায় কৰিব পাৰি ?
উত্তৰ: বয়োজ্যেষ্ঠ লোকসকলক খোজ কঢ়াত সহায় কৰিব লাগে, সময়মতে ঔষধ খাবলৈ মনত পেলাই দিব লাগে, প্ৰয়োজনীয় বস্তুবোৰ আনি দিব লাগে, তেওঁলোকৰ কথা মনোযোগেৰে শুনিব লাগে আৰু মৰম-সন্মান কৰিব লাগে।
আঁকো আহা -
ক্ৰিয়া-কলাপ ৩
তোমালোকে পিন্ধা আৰু মা -দেউতা, কাক-আইতাহঁতে পিন্ধা সাজ-পাৰবোৰৰ নাম তলৰ তালিকাখনত লিখা --
IMAGE CREDIT: SCERT,ASSAM
উত্তৰ:

| তোমালোকে পিন্ধা | মা-দেউতা ককা-আইতাহঁতে পিন্ধা |
|---|
| চাৰ্ট | ধুতি |
| পেণ্ট | পাঞ্জাবী |
| ফ্ৰক | মেখেলা-চাদৰ |
| টি-চাৰ্ট | শাৰী |
| স্কাৰ্ট | লুঙী |
| জিন্স | কুৰ্তা-পায়জামা |
সহজকৈ লিখিব পাৰা উত্তৰ:
তোমালোকে পিন্ধা: চাৰ্ট, পেণ্ট, টি-চাৰ্ট, ফ্ৰক, স্কাৰ্ট আদি।
মা-দেউতা, ককা-আইতাহঁতে পিন্ধা: শাৰী, মেখেলা-চাদৰ, ধুতি, পাঞ্জাবী, লুঙী আদি।
ক্ৰিয়া-কলাপ ৪
পৰিয়ালৰ লোকসকলৰ মাজত থকা সম্পৰ্কবোৰ জানি লৈ লিখা - ( শিক্ষকে সহায় কৰিব )
দেউতাৰ মাক -
মাৰ মাক -
মাৰ দেউতাক -
দেউতাৰ ভনীয়েক -
মাৰ ভনীয়েক -
দেউতাৰ ভায়েক -
মাৰ ভায়েক -
উত্তৰ:
দেউতাৰ মাক - আইতা
মাৰ মাক - আইতা
মাৰ দেউতাক - ককা
দেউতাৰ ভনীয়েক - পেহী
মাৰ ভনীয়েক - মাহী
দেউতাৰ ভায়েক - খুড়া
মাৰ ভায়েক - মামা
অনুশীলনী
১৷ চমু উত্তৰ দিয়া -
(ক) পৰিয়াল কাক বোলে ?
উত্তৰ: একেলগে থকা আৰু ইজনে সিজনৰ সৈতে পাৰিবাৰিক সম্পৰ্ক থকা লোকসকলৰ সমষ্টিক পৰিয়াল বোলে।
(খ) একক পৰিয়ালত কোন কোন সদস্য থাকে ?
উত্তৰ: একক পৰিয়ালত সাধাৰণতে মাক, দেউতাক আৰু তেওঁলোকৰ ল'ৰা-ছোৱালী থাকে।
(গ) যৌথ পৰিয়ালত কোন কোন সদস্য থাকে ?
উত্তৰ: যৌথ পৰিয়ালত ককা, আইতা, খুড়া, খুড়ী, মাক, দেউতাক, ল'ৰা-ছোৱালী আদি কেইবাটাও প্ৰজন্মৰ সদস্য থাকে।
২৷ তলত দিয়া শব্দবোৰেৰে খালী ঠাই পূৰ কৰা -
প্ৰাথমিক, সহায়, মিলা-প্ৰীতি
(ক) পৰিয়াল সমাজৰ ______ গোট ৷
(খ) পৰিয়াল সদস্যসকলৰ মাজত _____ থাকিব লাগে ৷
(গ) পৰিয়ালৰ সদস্যসকলে ইজনে সিজনক _____ কৰিব লাগে ৷
উত্তৰ:
(ক) পৰিয়াল সমাজৰ প্ৰাথমিক গোট ৷
(খ) পৰিয়াল সদস্যসকলৰ মাজত মিলা-প্ৰীতি থাকিব লাগে ৷
(গ) পৰিয়ালৰ সদস্যসকলে ইজনে সিজনক সহায় কৰিব লাগে ৷
৩৷ পৰিয়ালৰ সদস্যসকলে এজনে আনজনৰ আদৰ-যতন কেনেদৰে লয় লিখা ৷
উত্তৰ: পৰিয়ালৰ সদস্যসকলে ইজনে সিজনৰ সুখ-দুখৰ খবৰ লয়, অসুস্থ হ'লে সেৱা কৰে, প্ৰয়োজনীয় কামত সহায় কৰে, সৰুসকলক মৰম কৰে আৰু বয়োজ্যেষ্ঠসকলক সন্মান কৰে।
৪৷ সম্পৰ্কটো এটা শব্দত লিখা -
(ক) মাকৰ ভায়েক --
(খ) দেউতাৰ কাকয়েক --
(গ) খুড়াৰ ল'ৰা --
(ঘ) মাহীৰ ছোৱালী --
উত্তৰ:
(ক) মাকৰ ভায়েক -- মোমাই
(খ) দেউতাৰ কাকয়েক -- বৰদেউতা
(গ) খুড়াৰ ল'ৰা -- ভাই
(ঘ) মাহীৰ ছোৱালী -- মাহী ছোৱালী
৫৷ ঘৰত ব্যৱহাৰ কৰা এবিধ বাচনৰ ছবি আঁকা ৷
উত্তৰ: 🥣 বাতি — ইয়াৰ ছবি নিজে আঁকিবা।
0 Comments
Please don't use spam link in the comment box.