পাঠ ১ : নতুন ওমলা গীত স্পন্দন · তৃতীয় শ্ৰেণী · অসমীয়া · গীতিকাৰ : ড° নির্মলপ্ৰভা বৰদলৈ
🌈 পাঠটোৰ কথা
আমাৰ চৌপাশত থকা আকাশ, পৃথিৱী, বেলি, বতাহ আৰু নৈ আদি বস্তুবোৰক লৈ গীতিকাৰে এটি সুন্দৰ গীত ৰচনা কৰিছে। গীতটিত পৃথিৱীখনক এখন ঘৰ আৰু আকাশখনক সেই ঘৰৰ চাল বুলি কোৱা হৈছে। বেলি, বতাহ আৰু নৈয়ে কেনেকৈ নিজৰ কাম কৰি থাকে, সেয়াও গীতটিত আছে।
📖 পাঠ্যপুথিৰ ১১ নং পৃষ্ঠাত গীতটি পঢ়ি লওক। প্ৰথমে সুৰ আৰু লয় বক্ষা কৰি গাওক, তাৰ পিছত বন্ধুসকলৰ লগত গাওক।
✏️ ক্ৰিয়া-কলাপ (পাঠভিত্তিক)
১। আলোচনা কৰোঁ আৰু লিখোঁ আহা
২। গীতটোৰ আধাৰত 'ক' অংশৰ লগত 'খ' অংশ মিলাওঁ আহা
| ক | খ |
|---|---|
| ৰঙা ৰ'দে | চালে জুমি জুমি |
| আকাশ | তাৰে চাল |
| পৃথিৱী | এখন ঘৰ |
| নৈ | যায় কোবেৰে |
💡 জানো আহা : 'চাল' শব্দটোৰে ঘৰৰ আচ্ছাদন বা ঢাকনি বুজায়। কিন্তু গছ, জন্তু আদিৰ গাৰ স্বাভাৱিক ঢাকনি বা বাকলি বুজাবলৈও 'ছাল' ব্যৱহাৰ কৰা হয়।
📚 ভাষা অধ্যয়ন
৩। ক) গীতটিৰ পোৰা শব্দবোৰ শব্দজালত বিচাৰি ঘেৰ দিওঁ আহা
(আকাশ, পৃথিৱী, ভাল আৰু চাল ওপৰৰ পৰা তলৰ ফালে পঢ়ক; ঘৰ আৰু আলি সোঁফালে পঢ়ক)
৩। খ) মাছবোৰৰ ভিতৰত আখৰ সলনি কৰি নতুন শব্দ সজাওঁ আহা
উদাহৰণ : আকাশ → আকাৰ → প্ৰকাশ
পৰিল → পাল মৰিল
আগৰ → নগৰ আদৰ
(আন সঠিক শব্দও লিখিব পাৰি, যেনে : ধৰিল, সাগৰ)
৪। তলৰ শব্দকেইটাৰে একোটাকৈ বাক্য সাজোঁ আহা
পৃথিৱী : পৃথিৱী আমাৰ ঘৰ।
বেলি : ৰঙা বেলি আকাশত উঠে।
ৰ'দ : ৰ'দ উঠিলে চৌদিশ পোহৰ হয়।
বতাহ : বতাহ বলিলে গছৰ পাত লৰে।
৫। শেষৰ ধ্বনিৰ মিল থকা শব্দ লিখাৰ খেল খেলোঁ আহা
| শব্দ | মিল থকা শব্দ |
|---|---|
| আলি | চালি · তালি · গালি · জালি |
| ইমান | বিমান · সমান · কিমান · যিমান |
| পৰিল | ধৰিল · মৰিল · কৰিল · ভৰিল |
ভাল — চাল, তাল, গাল, জাল (উদাহৰণ)
৬। বাঁওফালৰ শব্দবোৰৰ লগত সোঁফালৰ অৰ্থ প্ৰকাশক অংশটো আঁচ টানি মিলাওঁ আহা
| বাঁওফাল | সোঁফাল |
|---|---|
| বেলি পৰে | বেলি মাৰ যায় |
| বেলি উঠে | বেলি উদয় হয় |
| বতাহ আহে | বতাহ বলে / বতাহ বয় |
| নৈ যায় | নৈ বয় |
🌳 জ্ঞান-সম্প্ৰসাৰণ
৭। ক) তোমালোকৰ বিদ্যালয়ৰ চাৰিওফালৰ পৰিৱেশলৈ মন কৰা আৰু তলৰ তালিকাখন সম্পূৰ্ণ কৰা
| গছ-গছনি | ফল-ফুল | জীৱ-জন্তু | কীট-পতংগ |
|---|---|---|---|
| আম গছ বাঁহ নাৰিকল তুলসী | গোলাপ জবা কঠাল কল | কুকুৰ গৰু ছাগলী চৰাই | পখিলা মৌ পৰুৱা মাখি |
✍️ তোমালোকৰ বিদ্যালয়ত যিবোৰ দেখিছা, সেইবোৰ লিখিবা। ওপৰৰ তালিকাখন কেৱল উদাহৰণ।
- গছ-গছনিয়ে আমাক ছাঁ, ফল-ফুল আৰু পৰিষ্কাৰ বতাহ দিয়ে।
- চৰাইয়ে পোক-পতংগ খাই গছ-গছনি বচায়।
- মৌ আৰু পখিলাই ফুলৰ পৰাগ-সংযোগ কৰাত সহায় কৰে।
- কেঁচুৱে মাটি উৰ্বৰ কৰে।
৮। ভাবোঁ আৰু সাঁথৰ ভাঙো আহা
২) ৰজাৰ গামোচা, তিয়াব পাৰি, শুকুৱাব নোৱাৰি — উত্তৰ : শিক্ষকৰ সৈতে মিলাই লোৱা
৩) অকু অকু অকু, গোটেই গাতে চকু — উত্তৰ : আনাৰস
৯। শুনো আৰু গাওঁ আহা
গীতটো মনোযোগেৰে শুনা আৰু শিক্ষকৰ লগত গোৱা। গীতৰ তলত লিখা ফাকি দুটা মনোযোগেৰে পঢ়ি গভীৰভাৱে ভাবা আৰু নিজৰ জীৱনত প্ৰয়োগ কৰা।
🎵 ডঃ ভূপেন হাজৰিকাৰ গীত। পাঠ্যপুথিৰ ১৫ নং পৃষ্ঠাত গীতটি আছে।
🛠️ হাতে-কামে কৰোঁ আহা
১০। ক) প্লাষ্টিকৰ বটলেৰে এখন গাড়ী সাজোঁ আহা
প্ৰয়োজনীয় সামগ্ৰী : প্লাষ্টিকৰ বটল ১টা · বটলৰ সাঁফৰ ৪টা · ৰছী ১ ডাল · লোৰ শলা ১টা · বাঁহৰ শলা ২ ডাল · ৰবৰ ৪ ডাল
- পৰ্যায় ১ : লোৰ শলাডালেৰে বটলৰ সাঁফৰকেইটাৰ সোঁমাজত ফুটা কৰোঁ।
- পৰ্যায় ২ : বটলটোৰ আগভাগত আৰু পিছভাগত ফুটা কৰোঁ (ছবিত দেখুওৱাৰ দৰে)।
- পৰ্যায় ৩ : ফুটাকেইটাত বাঁহৰ শলা দুডাল সুমুৱাই লওঁ।
- পৰ্যায় ৪ : বাঁহৰ শলা দুডালৰ দুয়োমূৰত সাঁফৰকেইটা লগাওঁ আৰু ৰবৰ মেৰিয়াই দিওঁ।
- পৰ্যায় ৫ : টানিব পৰাকৈ বটলটোৰ গলত এডাল ৰছী বান্ধি লওঁ।
⚠️ লোৰ শলা ব্যৱহাৰ কৰোঁতে ডাঙৰ মানুহৰ সহায় লওক।

0 Comments
Please don't use spam link in the comment box.