Type Here to Get Search Results !

দুর্গাপূজা -ৰচনা -অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে

          আৰম্ভণিঃ শাক্তধর্ম হিন্দু সকলৰ এটি প্রধান উৎসৱ হ'ল দুর্গাপূজা। দুগাদেৱীক শক্তিৰ দেৱী হিচাপে পূজা কৰা হয়। মানুহৰ মাজত অপায়-অমঙ্গল, হিংসা আদি এই দেৱীক আৰাধনা কৰিলে আঁতৰ হয় বুলি বিশ্বাস কৰা হয়।
         উৎপত্তিঃ দুর্গাপূজা প্রচলন হোৱাৰ কেইবাটিও কাৰণ আছে। চণ্ডী’ নামৰ পুৰাণৰ মতে, পুৰণি কালত মহিষাসুৰক বধিবৰ বাবে দেৱতা সকলে নিজৰ নিজৰ শক্তিৰে দুগাদেৱীক নির্মাণ কৰিছিল। এই দেৱীয়ে দশভূজা (দহখন হাত) ৰূপে মহিষাসুৰক বধ কৰে। পুৰণি কালত ৰজা সুৰথ আৰু সমাধি বৈশ্যই প্রথমে দুর্গাদেৱীক বসন্ত কালত পূজা কৰিছিল। সেই পূজাকে বাসন্তী পূজা’ ৰূপে এতিয়াও কোনোৱে জামন কৰে। ৰামায়নৰ মতে, শ্ৰীৰামচন্দ্ৰই হেনো লংকা বিজয় কৰাৰ আগতে কালতে দুর্গাদেৱীক পূজা কৰিছিল। তেতিয়াৰে পৰা সেই পূজা শাৰদীয় পূজা ’ হিচাপে পালন কৰা হয়।
            ভাৰতবৰ্ষত প্রায় সকলো ঠাইতে এই পূজা পালন কৰা হয়। পশ্চিম বংগত এই পূজা জাতীয় উৎসৱ হিচাপে পালন কৰা হয়। অসম, উৰিষ্যা, দিল্লীতে মহাসমাৰোহেৰে এই পূজা পতা হয়। তদুপৰি বাংলাদেশ, নেপাল আদি দেশত দুর্গা পূজা হয়। ভাৰতৰ কিছুমান ঠাইত দশে’ উৎসৱ হিচাপেও পালন কৰা হয় আজিকালি আমেৰিকা, লণ্ডন আদিতো দুর্গা পূজা হয়।
            প্রতিমাৰ বিৱৰণঃ দুগাদেৱীৰ প্রতিমাখনো বিচিত্র। প্রতিমাখনৰ মাজত দুগাদেৱী। এওঁৰ দহখন হাতত দহবিধ অস্ত্ৰৰে বিভূষিতা। দেৱীৰ সোঁ ভৰিখন বাহ সিংহৰ গাত আৰু বাওঁ ভৰিখন মহিষাসুৰৰ ওপৰত থাকে। দুগাদেৱীৰ সোঁফালে গণেশ আৰু লক্ষ্মীদেৱী, বাওঁফালে কার্তিক আৰু সৰস্বতী দেৱীক ৰখা হয়। প্রতিমাৰ ওপৰত শিৱ দেৱতা বিৰাজমান। গোটেই প্রতিমাখন বিচিত্রভাৱে কাৰুকার্য কৰা হয়।
            উৎসৱটোঃ শৰৎকালত বতৰ পৰিষ্কাৰ হয়। শেৱালি ফুল ফুলি উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰে। এনে সময়তে (আহিন বা কাতি মাহ) দুর্গা পূজা হয়। দুর্গাপূজা ঘৰুৱা ভাৱেও হয়। বেছিভাগ ৰাজহুৱা ভাৱে হয়। বহুতে এই পূজাত নতুন কাপোৰ সহজ অসমীয়া ব্যাকৰণ আৰু ৰচনা কানি, জোতা আদি লয়, পূজা থলীত দোকান-মেলা আদি হয়। বেলুন, পেপা আদি মনোহাৰী বস্তুয়ে লৰা-ছোৱালীক আকর্ষণ কৰে। পূজাকেইদিন থিয়েটাৰ, ভাওনা, আদি হয়। পূজাৰ প্ৰথম দিনা ষষ্ঠী। এই দিনা গোঁসানী প্রতিষ্ঠা কৰা হয়। তাৰ পাছত ক্রমে সপ্তমী, অষ্টমী আৰু নৱমী পূজা। দশমী দিনা দেৱীক বিসর্জন দি নৈ, বিল আদিত উটুৱাই দিয়া হয়। এই দিনটোক ‘বিজয়া দশমী’ বুলি কোৱা হয়।সন্ধ্যা ইজনে সিজনক সম্ভাষণ জনাই মিঠাই আদি বিতৰণ কৰে।
           সামৰণিঃ  বর্তমান দুর্গাপূজা কেৱল শাক্তধর্মী হিন্দুৰে নহয়, সকলােৰে বাবে আনন্দ উৎসৱত পৰিণত হৈছে। এই উৎসৱে অশুভ শক্তি নাশ কৰি মানুহৰ মাজত ঐক্য-শান্তি স্থাপন কৰে।

Post a Comment

1 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Please don't use spam link in the comment box.

Top Post Ad

Bottom Post Ad