Type Here to Get Search Results !

বিদ্যালয়ৰ বটা-বিতৰণী সভা -ৰচনা -অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে

বিদ্যালয়ৰ বটা-বিতৰণী সভা -ৰচনা -অসমীয়া  মাধ্যমৰ  ছাত্ৰ-ছাত্ৰীসকলৰ বাবে 

        আৰম্ভণিঃ  এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ কৃতিত্ব প্রকাশ পাই শিক্ষা, খেলা -ধূলা আৰু অন্যান্য বিষয়। এই কৃতিত্ব বা পাৰদৰ্শিতাৰ বাবে ছাত্র-ছাত্রী সকলক বছৰৰ ভিতৰতে এদিন বিশেষ অনুষ্ঠান পাতি বিদ্যালয়ৰ তৰফৰ পৰা বটা বা পুৰস্কাৰ প্রদান কৰা হয়। এই অনুষ্ঠানকে বটা- বিতৰণী সভা বুলি কোৱা হয়। সাধাৰণতে এই সভা বিদ্যালয় কর্তৃপক্ষই ছাত্ৰ একতা সভাৰ সহযোগত আয়োজন কৰে। ছাত্ৰ একতা সভাষ নোহোৱা বিদ্যালয়ত শিক্ষক আৰু ছাত্ৰ সকলে লগলাগি কৰে।
        বিৱৰণঃ  সাধাৰণতে বছৰেকীয়া পৰীক্ষাৰ এমাহ মানৰ আগত চাৰি, পাঁচ দিন ধৰি বিদ্যালয় সপ্তাহ পালন কৰা হয়। এই সপ্তাহত ছাত্র-ছাত্রী সকলৰ মাজত খেলধেমালি, র্ক সভা, আকস্মিক বক্তৃতা, আবৃত্তি প্রতিযোগিতা আদি সাহিত্য অনুষ্ঠান, গীত, নাচ , নাটক, ভেশচন আদি সাংস্কৃতিক অনুষ্ঠানৰ প্রতিযোগিতা আয়োজন কৰা হয়। তদুপৰি বহু বিদ্যালত প্রদর্শনী পতা হয়। সপ্তাহৰ শেষৰ দিনটোত প্রতিযোগিতাত শ্রেষ্ঠ হোৱা আৰু পৰীক্ষাত প্রথম তিনিটা স্থান অধিকাৰ কৰা সকলক বটাঁ দিয়াৰ বাবে সভা আয়োজন কৰা হয়।
        বিদ্যালয় সপ্তাহ আৰু বঁটা বিতৰণী সভাৰ দিনটো প্রকৃততে উৎসৱৰ দৰে। বিশেষকৈ বঁটা বিতৰণী সভাৰ দিনা পুৱাৰে পৰা ছাত্র-ছাত্রী সকলে বিদ্যালয়ৰ চৌহদ পৰিস্কাৰ কৰে, সভাঘৰ সজাই তোলে, বিদ্যালয়ৰ শিক্ষক, শিক্ষয়িত্রী, কর্মচাৰী সকলৰ উপৰিও স্থানীয় ব্যক্তি, অভিভাৱক অভিভাৱিকা সকলকো নিমন্ত্রন জনোৱা হয়। য'ত সভা হ’ব সেই ঘৰটোৰ (বা ভাত) এফালে ওখকৈ এখন মঞ্চসজা হয়। মঞ্চৰ মাজত সভাপতি, বক্তব্য বা 'অতিথি সকলক বহুৱা হয়। মঞ্চৰ এফালে পুৰস্কাৰ বা বটা সমুহ বিভাগীয় সম্পাদক সকলে তালিকা অনুযায়ী সজই থয়, আন ফালে গীত-মাত পৰিবেশন কৰিবলৈ স্থান ৰখা হয়।
         সাধাৰণতে পুৱা ১১মানবজাৰ পৰা (বা সুবিধা মতে) এই সভা হয়। বিদ্যালয়ৰ প্রধান শিক্ষক বা শিক্ষয়িত্ৰী গৰাকীয়েই সভাপতি হয়, কেতিয়াবা এজন বিশিষ্ট ব্যক্তিকো এই পদৰ বাবে নিমন্ত্রন কৰা হয়। সমৱেত গীতেৰে সভাৰ কাম আৰম্ভ হয় । অতিথি সকলক পৰিচয় কৰি দিয়াৰ পাছত ছাত্র একাতা সভাৰ সভাপতি বা সাধাৰণ সম্পাদকে বছৰেকীয়া প্রতিবেদন পাঠ কৰে। বক্তাসকলেও বক্তৃতা প্রদান কৰাৰ পাছত বঁটা সমূহ বিতৰণ কৰা হয়। বঁটাৰ লগতে একোখন মান-পত্রও দিয়া হয়। অনুষ্ঠানৰ
মাজে মাজে বৰগীত, জিকিৰ, জ্যোতি সংগীত আদি পৰিবেশন কৰা হয়। সন্ধ্যা, কোনো কোনো বিদ্যলয়ত বিচিত্রানুষ্ঠানে পাতে।
        সামৰণিঃ  বিদ্যালয়ৰ বঁটা বিতৰণীৰ দৰে অনুষ্ঠানে একতা আনে। সামূহিক কাম কৰাৰ প্রেৰণা যােগায়। শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত মধুৰ-সম্পর্ক গঢ়ি উঠে। ছাত্র-ছাত্ৰী সকলৰ প্ৰতিভাৰ চিনাকি দিয়াত এই অনুষ্ঠানে যথেষ্ট সহাই কৰে। বঁটা পোৱা সকলক উৎসাহিতকৰে আৰু নোপোৱা সকলৰ মনত ভবিষ্যতৰ বাবে প্রতিযোগী মনোভাৱ আনে। সেই বাবেই এনে অনুষ্ঠান বিদ্যালয় বোৰত বাধ্যতামূলক ভাৱে হোৱাটো বাঞ্চনীয়।


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Bottom Post Ad