Type Here to Get Search Results !

ছাত্ৰৰ কর্তব্য-ৰচনা -অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে

       আৰম্ভণিঃ  ইংৰাজী STUDENT শব্দটো সাতটা বিভিন্ন শব্দৰ দ্বাৰা গঠিত। এই শব্দবোৰৰ অৰ্থ হ'ল, অধ্যয়ন, সত্যবাদিতা, একতা, নিয়মানুবর্তিতা, আগ্রহ প্রকাশ, নিৰপেক্ষ আৰু বিশ্বাস। এই শব্দবোৰৰ সমষ্টিত হোৱা STUDENT শব্দৰ ভাৰতীয় অর্থ হ’ল ছাত্র বা বিদ্যার্থী। যি সময়ছোৱাত মানুহে শিক্ষালাভ কৰে, সেই সময়ছোৱাই ছাত্ৰাৱস্থা। এই সময়ছোৱাৰ কোনো নির্দিষ্ট সময় নাথাকিলেও শিশুকালৰ পৰা যুৱক অৱস্থালৈকে সাধাৰণতে ছাত্ৰাৱস্থা বুলি কোৱা হয় । 
         লক্ষ্যঃ ছাত্র জীৱনৰ মূল লক্ষ্য হ’ল অধ্যয়ন। ভবিষ্যতে সুনাগৰিক হ'লে অধ্যয়ন কৰাটো নিতান্তই আৱশ্যক। এই অধ্যয়ন কেবল চাকৰিৰ বাবে নকৰি নিজকে সু-নাগৰিক কৰাটোহে আৱশ্যক। সেয়েহে সৎ চৰিত্ৰ গঠন হ’ল ইয়াৰ প্ৰধান আহিলা। ছাত্ৰাৱস্থাতে চৰিত্ৰ গঠন কৰিব নোৱাৰিলে, পৰবৰ্তী জীৱনত অশেষ কষ্ট ভুগিব লগীয়া হয়, তাৰবাবে নিজৰ পাঠ্য-পুথিৰ উপৰিও ভালগ্ৰন্থ অধ্যয়ন, সৎ সংঙ্গ লাভ কৰাটো ছাত্ৰৰ প্ৰধান কৰ্তব্য।
         সুস্থ আৰু নিৰোগী শৰীৰ দ্বাৰাহে মানুহে পৃথিবীত নিজৰ কৰ্ম ভালদৰে কৰিব পাৰে। সেইবাবে ছাত্ৰসকলে স্বাস্থ্যৰ প্রতি যত্ন লোৱাটো দৰকাৰী কাম। নিয়মিত ভাৱে পুৱা শয্যা ত্যাগ কৰা, গা-ধোৱা, ফুৰা-চকা কৰা, খেল-ধেমালি কৰা আৰু ৰাতি নিয়মিত ভাৱে শুৱা ছাত্ৰৰ মূল কর্তব্য। স্বাস্থ্য ৰক্ষাৰ বাবে নিয়মিত ভাৱে ব্যায়াম কৰাটো উচিত। নিয়মানুবর্তিতা আৰু সময় নিষ্ঠা পালন কৰাটো অন্যতম কর্তব্য। নিতৌ কৰা-কামৰ বাবে সময় তালিকা প্রস্তুত কৰি লব লাগে। সঞ্চয় কৰা শিক্ষাও ছাত্ৰ অৱস্থাতে লোৱা উচিত। বৃত্তিৰ ধন বা যিকোনো উপায়েৰে টকা-পইচা হাতত পৰিলে তাক অবাবত খৰছ নকৰি সঞ্চয় কৰা কর্তব্য।
        ছাত্ৰাৱস্থাৰ পৰাই জ্যেষ্ঠজনক সন্মান কৰাটো উচিত। পিতৃ-মাতৃ, শিক্ষাগুৰু আৰু জ্যেষ্ঠজনক সন্মান কৰিবলৈ শিকিলে ভৱিষ্যত জীৱন সুখৰ হয়। দুখীয়াক, আতুৰ জনক সহায় কৰা, লোকৰ উপকাৰ সাধিব পৰা সমাজ সেৱাও কৰিব লাগে।
        সামৰণিঃ  ছাত্ৰৰ জীৱন অমূল্য জীৱন। এই জীৱন অবাবত কটোৱা উচিত নহয়। নিজৰ কাম সময়মতে কৰিব পাৰিলে, দেশ, সমাজৰ হিতৰ বাবে নিজকে প্রতিষ্ঠা কৰিব পাৰিলেই ছাত্র জীৱনৰ সার্থকতা লাভ হয়।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Bottom Post Ad