Type Here to Get Search Results !

অসমৰ শৰৎকাল-ৰচনা -অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে

অসমৰ শৰৎকাল-ৰচনা -অসমীয়া  মাধ্যমৰ  ছাত্ৰ-ছাত্ৰীসকলৰ বাবে  

         আৰম্ভণিঃ  ভাৰতবর্ষ তথা অসমত প্ৰকৃতিৰ পৰিৱেশ অনুযায়ী ছটা ঋতুৱে নির্দিষ্ট সময়ত দেখা দিয়ে। এই ঋতু কেইটা হ'ল- বসন্ত, গ্রীষ্ম, বর্ষা, শৰৎ, হেমন্ত আৰু শীত। সময় অনুযায়ী ভাদ-আহিন মাহত শৰৎ কাল হয়। কিন্তু পৰিৱেশ অনুযায়ী আহিন-কাতি মাহ দুটাহে কাল যেন লাগে। কাৰণ ভাদত বৰষুণ থাকেই। আহ্নিৰ পৰাহে কুঁৱলি পৰিবলৈ ধৰে।
        প্রকৃতিঃ অসম মৌচুমী প্রধান ৰাজ্য। ভাদ মাহলৈকে ধাৰাষাৰ বৰষুণ হয়। বাৰিষা কালত কলীয়া ডাৱৰে আকাশ ঢাকি থয়। শৰৎকাল হোৱাৰ লগে লগে এই  ডাৱঁৰ আঁতৰে, শুকুলা চপ-চপৰা কপাহৰ দৰে ডাঁৱৰে আকাশত দেখা দি জেউতি চৰায়। শৰৎ কালত আকাশ পৰিষ্কাৰ হয়। পানী আৰু বোকাৰে ভৰা বাট-পথ, জলাশয়বোৰ ক্ৰমাত শুকাই মানুহ আৰু অন্যান্য প্রাণীবোৰক বিপদৰ পৰা মুক্ত কৰে। বাৰিষাত আৱৰ্জনাৰে ভৰা মলিয়ন নৈ, বিল, পুখুৰী আদিৰ পানী লাহে লাহে নির্মল হয়। কুঁৱলি পৰিবলৈ ধৰে, লগে লগে গ্রীষ্ম-বর্ষা কালৰ গৰম আঁতৰে। শেৱালি, কঁহুৱা, ভেট আদি ফুলবোৰ ফুলিবলৈ ধৰে। শেৱালি ফুলৰ সুগন্ধই মন-প্রাণ জুৰ কৰে। নৈৰ পাৰত শুকুলা কঁহুৱা ফুলে পৃথিৱীখন মোহনীয় কৰি তোলে। পথাৰত ধানৰ গছবোৰ ঘন সেউজীয়া হৈ ফুলিবলৈ ধৰে।
       উৎসবঃ  শৰৎকাল আহিলেই শাৰদীয় দুর্গা পূজালৈ মনত পৰে। দুর্গা পূজা মানে আনন্দ উৎসৱ। লক্ষ্মীপূজা, দীপান্বিতা আৰু চাহ বনুৱা সকলৰ কৰম আৰু সহৰাই পৰৱ শৰকালতে হয়। ভাদ মাহত জন্মাষ্টমী, শ্ৰীশঙ্কৰ দেৱ আৰু শ্ৰীমাধৱ দেৱৰ তিথি পালন কৰা হয়। তদুপৰি শ্ৰীশঙ্কৰদেৱৰ জন্মোৎসৱো শৰৎকালতে হয়। শৎকালতে শ্ৰীকৃষ্ণৰ ৰাস-যাত্রাও হয়।
      খেতিকর্মঃ শৰৎকালত বৰষুণ এৰে। জাৰ-জহ প্রায় সমান হয়। পথাৰত ধান ফুলি থোক ওলায়। বাম খেতি, যেনে- মাহ, সৰিয়হ, ঘেহু, বিবিধ শাক-পাচলিৰ বাবে।খেতিয়ক সকলে মাটি চাহ কৰিবলৈ সুবিধা পায়। ধান খেতিত ব্যস্ত থকা সকলে এই সময়তে খৰাহী-চালনী সঁজা কামো কৰিবলৈ সময় পায়। ভাওনা, সৱাহ আদি উৎসৱো পাতে।
     সামৰণিঃ  শৰৎকালক ঋতুৰ ৰাণী বুলি কোৱা হয়। বতৰ প্রাকৃতিক শোভাইসকলোকে মুগ্ধ কৰে। কবি-সাহিত্যিক সকলেও শতক লৈ গীত-কবিতা ৰচনা কৰিছে। শ্ৰীমন্ত শঙ্কৰদেৱৰ শৰৎ বর্ণনা’ আৰু পার্বতী প্রসাদ বৰুৱাৰ শুকুলা ডাৱৰ কঁহুৱাৰ ফুল’ উল্লেখযোগ্য। শৰতে আমাক নতুন প্রেৰণা দি জগৎ শান্তিময় কৰাৰ  বাসনা আমাৰ কামনা।


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Bottom Post Ad