Type Here to Get Search Results !

পানী--ৰচনা -অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে

    পানী -অসমীয়া  মাধ্যমৰ  ছাত্ৰ-ছাত্ৰীসকলৰ বাবে  

                                   
            আৰম্ভণিঃ পানী বায়ুৰ দৰেই এটি প্রকৃতিৰ অৱদান। পানী জুলীয়া পদার্থ। ইয়াৰ অবিহনে কোনো প্রাণী বৰ্তি থাকিব নোৱাৰে। কেৱল প্ৰাণীয়ে নহয়, প্রাকৃতিক জগতখনো পানীৰ বিনে অচল হৈ পৰিব।
           পানীৰ ৰূপঃ পানীৰ ৰূপ তিনিটা। স্বাভাবিক অৱস্থাত ই জুলীয়া হৈ থাকে। পানী উতলালে বা উত্তাপ পালে জুলীয় বাষ্পলৈ ৰূপান্তৰিত হয়। আনহাতে বেছি চেঁচা হ'লে পানী বৰলৈ ৰূপান্তৰিত হয়। এতেকে উষ্ণতা অনুসৰি পানীৰ তিনিটা ৰূপ দেখিবলৈ পোৱা যায়।
          পানী হাইড্রজেন আৰু অক্সিজেন গেছৰ যৌগ। ইয়াত দুভাগ হাইড্রজেন আৰু এভাগ অক্সিজেন গেছ থাকে। নির্মল আৰু বীজাণুযুক্ত পানীৰ কোনো আকাৰ, ৰং আৰু গোন্ধ নাই।
         পানীৰ উৎসঃ  পৃথিৱীৰ উপৰিভাগৰ তিনিভাগৰ দুভাগ অংশ পানীৰে ঢকা । পৃথিৱীৰ বেছিভাগ ঠাইত সাগৰ, মহাসাগৰ আছে। অৱশ্যে সাগৰৰ পানী লুণীয়া আৰু সেইবোৰ খাব নোৱাৰি। খোৱাপানী নদী, পুখুৰী, কুঁৱা আদিত পোৱা যায়। মানুহে কুঁৱা, পুখুৰী, নলীনাদ আদি খান্দি লোৱা পানী আহৰণ কৰে। এইবোৰত পানী শুকাই।।গলেও বৰষুণ আৰু ভূগৰ্ভত থকা পানীয়ে সেই অভাৱ দূৰ কৰে।
           পানীৰ গুৰুত্বঃ  পানীৰ বাবেই জীৱজগত আৰু প্রাকৃতিক জগত চলি থকা সম্ভৱ হৈছে। পানীৰ বাবেই গছ-গছনি, শাক-পাচলি আদি জীয়াই আছে। মানুহে পিয়াহ গুচাবলৈ বা খোৱা বস্তু হজম কৰিবলৈ পানী খাবই লাগিব। পানীৰ বাবেই আমি মাছকাছৰ দৰে পুষ্টিকৰ খাদ্য পাইছোঁ। সাগৰৰ পানীৰ তলত থকা বিভিন্ন মণি-মুকুতা গোটাব পাৰিছোঁ। পানী থকাৰ বাবে অতীতত দেশে-বিদেশে ব্যৱসায় বাণিজ্য আৰু যোগাযোগ সম্ভৱ হৈছিল। বিভিন্ন খেতিৰ বাবে যথাসময়ত পানী নাপালে, মানুহেকোনো শস্য উৎপাদন নহ'লহেঁতেন।
           সামৰণিঃ  পানী সকলো ঠাইতে পোৱা যায়। কিন্তু খোৱা পানীৰ ক্ষেত্ৰত আমি সাৱধান হোৱা উচিত। বীজাণুযুক্ত, লেতেৰা পানী বেমাৰৰ প্রধান উৎস। আমাৰ দেশত এতিয়াও বহুলোকে পানী পৰিষ্কাৰ কৰি খাব নাজানে। এই ক্ষেত্ৰত চৰকাৰ আৰু জনা-শুনা মানুহে তেওঁলোকক পানী উতলাই আৰু পৰিষ্কাৰ কৰি খাবলৈ শিকাব লাগে। বিশুদ্ধ পানীয়ে মানুহৰ জীৱনী শক্তি।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Bottom Post Ad