Type Here to Get Search Results !

ঈদ-ৰচনা -অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে

     ঈদ-ৰচনা -অসমীয়া  মাধ্যমৰ  ছাত্ৰ-ছাত্ৰীসকলৰ বাবে

  আৰম্ভণিঃ  পৃথিৱীৰ সকলো জাতি, সকলো ধৰ্মৰে নিজৰ নিজৰ কিছুমান উৎসৱ আছে। এই উৎসৱবোৰে মানুহৰ মাজত ঐক্য-শান্তি স্থাপন কৰে। পৃথিৱীৰ মুছলমান।সকলেও বছৰত দুটা ঘাই উৎসৱ পালন কৰে। এই দুয়োটাকে ‘ঈদ’ বুলি কোৱা হয়। বছৰত পালন কৰা ঘাই ঈদ দুটা হ’ল ঈদুল ফিতৰ আৰু।ঈদোজ্জোহা।
          ঈদুলফিতৰঃ ঈদুল ফিতৰ পবিত্ৰ ৰমজান মাহত পালন কৰা হয়। ৰমজান মাহ আৰম্ভ হোৱাৰ দিনৰ পৰা শেষ দিন পর্যন্ত (অর্থাৎ ন-জোন ওলোৱাৰ পৰা পাছৰ অমাৱষ্যালৈকে) ধর্ম প্রাণ মুছলমান সকলে বেলি ওলোৱাৰ পৰা মাৰ যোৱালৈকে উপবাসে থাকে। ইয়াকে ‘ৰোজা ধৰা বুলি কোৱা হয়। বেলি পৰাৰ পাছত মচজিদ বা নিজৰ ঘৰত নামাজ পঢ়ি, আল্লাক প্রার্থনা কৰি ব্ৰত ভাঙে। ঠিক তেনেকৈ বেলি উদয়ৰ আগতে আহাৰ গ্ৰহণ কৰে। এমাহ এনেভাবে ব্ৰত কৰাৰ পাছত পুনৰ ন-জোন।দেখাৰ দিনা এই উৎসৱ পালন কৰা হয়। এই ঈদত সকলোৱেই নতুন কাপোৰ-টুপি।আদি লয়। দুখীয়ালোকক ‘ফি’ (দান) দিয়ে। ৰমজান মাহত কোনোৱেই বেয়া কাম নকৰে। ঈদৰ দিনা ঈদগাহত (প্রার্থনা কৰা পথাৰ) সকলোৱে একেলগে নামাজ উপাসনা কৰে। ইজনে-সিজনক আলিঙ্গণ কৰি ঈদ মোবাৰক’ জনায়। ভোজ-ভাতৰ আয়োজন কৰে। আলহীক মিঠাই আদিৰে আপ্যায়ন কৰা হয়।
          ঈদোজ্জোহাঃ   ঈদোজ্জোহা ত্যাগৰ উৎসৱ। আৰবী বছৰৰ শেষ মাহত অর্থাৎ জেলহজ্জ মাহৰ ১০ তাৰিখে এই উৎসৱ পালন কৰা হয়। এই উৎসৱ পালনৰ লগত এটি সুন্দৰ কাহিনী আছে। হজৰত ইব্রাহীম এজন সাধু লোক আছিল। তেওঁ এবাৰ সপোনত নির্দেশ পালে যে ভগৱানৰ (আল্লা) নামত তেওঁৰ প্রিয় বস্তু কোৰবাণী (বলি) কৰিব লাগে। তেওঁ সেইমতে এবাৰ ছাগলী, এবাৰ এশ উট কোৰবাণী দিলে। যদিও পুনৰ নির্দেশ পালে যে তেওঁৰ প্রিয় পুত্র ইছমাইলক ভগৱানৰ নামত কোৰবাণী। কৰিব লাগে। ইব্রাহীমে নিজপুত্ৰক কোৰবাণী কৰিলে যদিও কোৰবাণী হ’ল এটি ডুম্বাহে (মেৰ ছাগলী)। এনেকৈ ভগৱানে ইব্রাহীমৰ ভক্তিৰ পৰীক্ষা কৰিলে। ইব্রাহীম এই মহান ত্যাগৰ কথা স্মৰণ কৰি ঈদ্দোজ্জোহা উৎসৱ পালন কৰা হয়। এই উৎসৱৰ পৰাই ইছলাম ধৰ্মত কোৰবাণী’ প্রথা প্রচলন হয়।
         সামৰণিঃ  সকলো উৎসৱৰে মূল কথা হ’ল আনন্দৰ মাজেৰে মানুহৰ মাজত একতা ভাব প্রকাশ কৰা। দুয়োটা ঈদ উৎসৱেই তাকেই সূচনা কৰিছে। ঈদুফিতৰ উৎসৱত সকলো ধৰ্মৰ লোকেই মুছলমান সকলৰ লগত সহযোগ কৰে। আজিকালি ঈদ সন্মিলনো হয়।


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Bottom Post Ad