Type Here to Get Search Results !

বৰদিন-ৰচনা -অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে

   বৰদিন-ৰচনা -অসমীয়া  মাধ্যমৰ  ছাত্ৰ-ছাত্ৰীসকলৰ বাবে   

 আৰম্ভণি ঃ  খ্রীষ্টধর্ম লোসকলৰ প্রধান উৎসৱ বৰদিন বা খ্রীষ্টমাছ। পৃথিৱীৰ অন্যতম মহাপুৰুষ যীশুখ্রীষ্টৰ জন্মোৎসৱেই হ'ল বৰদিন। ই এক পবিত্র আৰু আনন্দ উৎসৱৰ দিন।
           দিনটোৰ তাৎপর্যঃ এতিয়াৰে পৰা প্রায় দুহেজাৰ বছৰৰ আগতে জেৰুজালেমৰ(ইজৰাইল দেশত) বেলহেম নগৰত, এটি ঘোঁৰাশালত যীশুখ্রীষ্টৰ জন্ম হৈছিল। সেইদিনটো আছিল ২৫ ডিচেম্বৰ। যীশুৰ মাতৃৰ নাম কুমাৰী মেৰী আৰু পিতৃ আছিল - যোছেফ। যীশুৰ জন্মৰ বাতৰি এজন দেৱদূতে প্রচাৰ কৰিছিল যে ঈশ্বৰৰ সন্তান’ৰ ঘোঁৰাশালত জন্ম হৈছে। দেৱদূতৰ নির্দেশ ক্রমে যীশুক দেখা কৰে। তেতিয়াৰে পৰাই ২৫ ডিচেম্বৰ দিনটো খ্রীষ্টমাছ হিচাপে পালন কৰিবলৈ ধৰে। 
উৎসৰ বিৱৰণঃ বৰদিনৰ কিছুদিনৰ আগৰে পৰাই খ্রীষ্টধর্মী লোকসকলে গীজা ঘৰ (চার্চ) আৰু ব্যক্তিগত ঘৰবোৰ সঁজাই তোলে। গীজা ঘৰ, বাসভৱনত সৰল জাতীয় গছৰ ঠালেৰে খ্রীষ্টমাছ বৃক্ষ(ট্রি) ৰোপন কৰি ৰঙীন কাগজৰ ফুল, মালা, ৰঙীণ লাইট আদিৰে সঁজায়, ঘৰৰ সন্মুখত ৰা আকাৰৰ ফানুচ আঁৰে। বৰদিনৰ আগদিনা খ্রীষ্টমাছ ইভ (দিন সন্ধ্যা) পালন কৰা হয়। মানুহে সেই সন্ধ্যা খ্রীষ্টগীত (কেল) গাই দলবান্ধি ফুৰে। গীজা ঘৰত সমূহীয়া প্রার্থনা হয়। বৰদিনৰ দিনা, পুৱাই সকলোৱে গা-পা ধুই নতুন কাপোৰ-জোতা পিন্ধি গীজা ঘৰলৈ গৈ খ্রীষ্টস্তুতি গীত সমূহীয়াভাৱে গায়। বাইবেল (খ্রীষ্টধর্মীয় পুথি) পাঠ কৰে। প্রধান পুৰোহিতে সকলোৰে শান্তি কামনা কৰি আশীর্বাদ দিয়ে। তাৰ পাছত গোটেই দিন আনন্দ-উছৱ হয়। সকলোৱে হিয়া উবুৰিয়াই মৰম যাচে, শুভেচ্ছামূলক কার্ড আদি বিনিময় কৰে। কেক, পিঠা, মিঠাই আদিও উপহাৰ হিচাপে দিয়ে।
           বৰদিনৰ আন এটি আকর্ষণীয় দিশ হ’ল মৰমীয়াল ককা ছান্তাক্লজৰ কল্পনা আৰু অভিনয়। এওঁ বগা ডাড়ি-চুলি থকা বুঢ়া মানুহ। জলহু চোলা পিন্ধে। বৰদিনত আহি এওঁ বিশেষকৈ লৰা-ছোৱালীক উপহাৰ দিয়ে বুলি বিশ্বাস কৰা হয়। বৰদিনত দুখীয়া লোককো উপহাৰ দিয়া হয়। 
         সামৰণিঃ মহাপুৰুষ যীশুখ্রীষ্ট দয়াৰ সাগৰ। তেওঁৰ মতে, সকলো প্রাণীয়েই ঈশ্বৰৰ সন্তান। যীশুৱে সকলোকে একতাৰ বান্ধোনেৰে বান্ধি জগতৰ পৰা অন্যায় দূৰ কৰিবলৈ বিচাৰিছিল। খ্রীষ্ট লোকসকলে আন্তৰিকতাৰে এই উৎসৱ পালন কৰে পৃথিৱীত শান্তি স্থাপন আৰু সম ভাব প্রকাশ কৰাই এই উৎসৱৰ প্ৰধান কথা।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Bottom Post Ad