Type Here to Get Search Results !

FIRST CHAPTER: INTRODUCTION TO INSURANCE -CLASS IX-INSURANCE- বীমাৰ পৰিচয়- প্ৰথম অধ্যায় - নৱম শ্ৰেণী- বাণিজ্য

প্ৰশ্নাৱলীঃ

১/ বীমা ব্যৱসায়ৰ ওপৰত এটি চমু টোকা আগবঢ়োৱা ৷

উত্তৰঃ বীমা ব্যৱসায়ত দুটা পক্ষৰ মাজত সম্পাদন কৰা এক লিখিত চুক্তি ৷ বীমাৰ সংজ্ঞা হৈছে, দুই পক্ষৰ মাজত হোৱা এক আইনী চুক্তি য'ত এটা পক্ষই এক নিৰ্দিষ্ট অৰ্থৰ বিনিময়ত আন এটা পক্ষৰ কিছুমান অনিশ্চয়তাক সামৰি লয় বা সম্ভাব্য বিপদশংকাৰ বিৰুদ্ধে আৰ্থিক নিৰাপত্তা প্ৰদান কৰে ৷ এনে অনিশ্চয়তাসমূহ ভৱিষ্যতে সংঘটিত হ'বও পাৰে বা নহ'বও পাৰে ৷ ইয়াৰ  এক নিৰ্দিষ্ট সময়সীমা থাকে ৷ যি পক্ষই নিৰাপত্তা বিচাৰে তেওঁক বীমাকাৰী, যি পক্ষই নিৰাপত্তা প্ৰদান কৰে, তাক বীমাকৰ্তা আৰু বীমাকাৰীয়ে যি অৰ্থৰ পৰিমাণৰ বিনিময়ত বিপদশংকাৰ বিৰুদ্ধে নিৰাপত্তা লাভ কৰে, তাক বীমাকিস্তি বুলি কোৱা হয় ৷ 

FIRST CHAPTER: INTRODUCTION TO INSURANCE -CLASS IX-INSURANCE- বীমাৰ পৰিচয়- প্ৰথম অধ্যায় - নৱম শ্ৰেণী- বাণিজ্য



২/ বীমাৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য সমূহ উল্লেখ কৰা ৷

উত্তৰঃ  বীমাৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য সমূহ তলত উল্লেখ কৰা হ'ল - 

(ক) বীমা হৈছে দুই পক্ষৰ মাজত হোৱা এক চুক্তি ৷ ইয়াত এটা পক্ষ হৈছে বীমা কোম্পানী, যি আনটো পক্ষৰ বিপদশংকা গ্ৰহণ কৰে আৰু আনটো পক্ষ হৈছে, কোনো বিশেষ ব্যক্তি, গোট বা কোম্পানী যি বিপদশংকা হস্তান্তৰ কৰে ৷

(খ) বীমা হৈছে এক আইনী চুক্তি যি দুটা পক্ষৰ সন্মতিৰ আধাৰত সম্পন্ন হয় ৷ 

(গ) বীমা সম্পূৰ্ণ সৰল বিশ্বাসৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত ৷ এই চুক্তিৰ আধাৰত বীমা কোম্পানীয়ে বীমাকাৰীক বীমাপত্ৰৰ সকলো তথ্য শুদ্ধ আৰু সম্পূৰ্ণ ৰূপত দিয়াটো আৱশ্যক ৷

(ঘ) বীমা সমবায় পদ্ধতিৰ ওপৰত প্ৰতিষ্ঠিত ৷ অৰ্তাৎ এক বৃহৎ পৰিমাণৰ ব্যক্তি বিশেষ যাক সমবায় সদস্য হিচাপে গণ্য কৰা হয়, তেওঁলোকে ক্ষুদ্ৰ পৰিমাণৰ অৰ্থ আগবঢ়াই এক বৃহৎ পৰিমাণৰ পুঁজি গঠন কৰে ৷

(ঙ) বীমা চুক্তিত উল্লেখ থকা নীতি-নিয়ম অনুসৰি বীমাই বিভিন্ন প্ৰকাৰৰ বিপদশংকাৰ নিৰাপত্তা প্ৰদান কৰে ৷

(চ) এই চুক্তি অনুযায়ী বিপদশংকাৰ দায়িত্ব এটা পক্ষই আন এটা পক্ষলৈ হস্তান্তৰ কৰে ৷

(ছ) বীমা কোম্পানীয়ে বীমাকাৰীৰ পৰা পোৱা বীমাকিস্তিৰ আধাৰতহে বিপদশংকাৰ দায়িত্ব গ্ৰহণ কৰে তথা আৰ্থিক নিৰাপত্তা প্ৰদান কৰে ৷ 


৩/ বীমাৰ বিভিন্ন প্ৰকাৰ সমূহ বৰ্ণনা কৰা ৷

উত্তৰঃ বীমাৰ বিভিন্ন প্ৰকাৰ সমূহ তলত বৰ্ণনা কৰা হ'ল - 

(ক) জীৱন বীমাঃ

বিভিন্ন প্ৰকাৰৰ ভিতৰত সৰ্বাধিকভাৱে প্ৰচলিত আৰু জনপ্ৰিয় বিমা হৈছে জীৱন বীমা ৷  ইয়াৰ মূল আধাৰ হৈছে মানুহৰ জীৱনৰ ক্ষতিপূৰণ ৷ ইয়াত কোনো এজন ব্যক্তিয়ে তেওঁৰ মৃত্যু বা দূৰ্ঘটনা, বেমাৰ ইত্যাদিৰ ওপৰত বীমা কৰিব পাৰে ৷ ইয়াত এজন মানুহে তেওঁৰ জীৱনৰ ওপৰত ঘটা নানা দূৰ্ঘটনাৰ নিৰাপত্তাক সামৰি লয় আৰু তাৰবাবে তেওঁ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে বীমাকিস্তি দিব লাগে ৷ তাৰোপৰি ইয়াত বীমাকাৰীয়ে এজন উত্তৰাধিকাৰী চিনাক্ত কৰিব পাৰে, যি তেওঁৰ মৃতু্যৰ পাছত বীমামূল্য কৰাৰ াধিকাৰ লাভ কৰে ৷ যেনে- ভাৰতীয় জীৱন বীমা নিগম 

(খ) সাধাৰণ বীমাঃ

যিবিলাক বীমা চুক্তি জীৱন বীমাৰ বাহিৰে অন্যান্য প্ৰকাৰৰ বীমা সমূহক সামৰি লয়, তাক সাধাৰণ বীমা বুলি কোৱা হয় ৷ সাধাৰণ বীমাই ব্যক্তি বা ব্যৱসায়ৰ বিভিন্ন সম্পত্তিৰ পৰা উদ্ভৱ হ'ব পৰা দূৰ্ঘটনা,  চুৰি, অগ্নি ইত্যাদি বিপদশংকাৰ বিৰুদ্ধে নিৰাপত্তা প্ৰদান কৰে ৷ যেনে - ভাৰতীয় সাধাৰণ বীমা নিগম ৷

(গ) অগ্নি বীমাঃ

অগ্নি বীমাই অগ্নিৰ পৰা হ'ব পৰা বিপদ বা ক্ষয়-ক্ষতিৰ ওপৰত নিৰাপত্তা প্ৰদান কৰে ৷ এই বীমাৰ অধীনত, যদি কোনো বিশেষ সম্পত্তিৰ ওপৰত অগ্নি  বীমা কৰোৱা থাকে আৰু তেনে সম্পত্তি অগ্নিৰ পৰা ক্ষতি বা ধবংস হ'লে, বীমাকাৰয়ে বীমা কোম্পানীৰ পৰা এনে ক্ষতিৰ পৰিমাণ লাভ কৰে ৷ 

(ঘ) চুৰি-ডকাইতি বীমাঃ

এনে বীমাই চুৰি কাৰ্যৰ পৰা উদ্ভৱ হোৱা লোকচানৰ নিৰাপত্তা প্ৰদান কৰে ৷ যদি বীমাকাৰীয়ে বীমা কৰা কোনো মূল্যৱান সম্পত্তি চুৰি বা ডকাইতি হয়, তেন্তে বীমা কোম্পানীয়ে ইয়াৰ আৰ্থকি ক্ষতিপূৰণ দিয়ে ৷
 
(ঙ) নৌ-বীমাঃ

সকলো অন্তঃৰাষ্ট্ৰীয় বেপাৰ সাগৰৰ মাধ্যমেদি সংঘটিত হয় ৷ এখন দেশৰ পৰা আন এখন দেশলৈ সা-সামগ্ৰীসমূহ জাহাজৰ মাধ্যমত যাতায়ত কৰা হয় ৷ ইয়াত এক বৃহৎ পৰিমাণৰ বিপদশংকা জড়িত হৈ থাকে ৷ যদি এখন জাহাজ নৌ-পথত ধুমুহা বা অন্যান্য যিকোনো ধৰণৰ বিপদৰ মুখা-মুখি হয়, তেন্তে ইয়াৰ ফলত ব্যৱসায়ত এক বৃহৎ পৰিমাণৰ ক্ষতি হয় ৷ নৌ-বীমাই এনে অনিশ্চয়তা আৰু বিপদাশংকাৰ ওপৰত বীমাকাৰীক আৰ্থিক নিৰাপত্তা প্ৰদান কৰে ৷

৪/ বীমাৰ নীতি সমূহ কি কি ? 

উত্তৰঃ বীমাৰ নীতিসমূহ হ'ল- 

(ক) সম্পূৰ্ণ সৰল বিশ্বাসৰ নীতি 

(খ) বীমাযোগ্য নীতি 

(গ) ক্ষতিপূৰণৰ নীতি 

(ঘ) প্ৰতিশ্ৰুতিৰ নীতি ৷

৫/ বীমাৰ সুবিধা সমূহ বৰ্ণনা কৰা ৷ 

উত্তৰঃ বীমাৰ সুবিধা সমূহ তলত বৰ্ণনা কৰা  হ'ল- 

(ক) নিৰাপত্তা প্ৰদানঃ 

বীমাই মানুহৰ জীৱন আৰু সম্পত্তিৰ ওপৰত নিৰাপত্তা প্ৰদান কৰে ৷ জীৱন বীমাই মানুহৰ জীৱনৰ ওপৰত নিৰাপত্তা প্ৰদান কৰে আৰু ক্ষতিপূৰণৰ নীতি অনুসৰি কোনো সা-সম্পত্তিৰ ওপৰত হোৱা লোকচানৰ আৰ্থিক ক্ষতিপূৰণ প্ৰদান কৰে ৷ 

(খ) বিনিয়োগঃ

বীমাই েকমাত্ৰ সুৰক্ষা প্ৰদান নকৰে, বৰঞ্চ ই বিনিয়োগত সহায় কৰে ৷ বীমাকাৰীৰ পৰা বীমাকৰ্তাই যি বীমাকিস্তি লাভ কৰে, তাক বীমাকৰ্তাই লাভাংশ বা সুত অৰ্জনৰ বাবে বিভিন্ন ক্ষেত্ৰত বিনিয়োগ কৰে ৷

(গ) বিপদশংকাৰ বিতৰণঃ

বীমা চুক্তিৰ জৰিয়তে কোনো এজন ব্যক্তিৰ বিপদশংকা অন্য বহুতো মানুহৰ ভিতৰত বিতৰণ বা হস্তান্তৰ কৰা হয় ৷ বীমাকাৰীয়ে নিৰ্দিষ্ট সময়ৰ অন্তত নিৰ্দ্ধাৰিত বীমাকিস্তি দিব লাগে ৷ 
(ঘ) ঋণৰ সুবিধাঃ

বেংক, বিত্তীয় প্ৰতিষ্ঠান আৰু বীমা কোমা্পানীসমূহে বীমাকাৰীক ঋণৰ সুবিধা প্ৰদান কৰে ৷ 

(ঙ) সঞ্চয়ৰ প্ৰতি উৎসাহঃ

প্ৰত্যেক বীমাকাৰীয়ে এক  নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে  বীমা চুক্তিৰ  আধাৰত বীমাকিস্তি দিব লাগে ৷ ই বীমাকাৰীজনৰ মাজত এক সঞ্চয়ৰ অভ্যাস গঢ় দিয়ে  ৷ 

(চ) অৰ্থনৈতিক  উন্নয়ণঃ 

বীমাই এখন দেশৰ অৰ্থনৈতিক উন্নয়ন  আৰু প্ৰগতিত অৱদান আগবঢ়ায় ৷ বীমা কোম্পানী সমূহে বীমাকিস্তি ৰূপত এক বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰে অৰ্থাৎ ই  অৰ্থনীতিৰ বিভিন্ন উৎসৰ পৰা পুঁজি সংগ্ৰহ  আৰু  একত্ৰিত কৰাত সহায় কৰে ৷ 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Bottom Post Ad