Type Here to Get Search Results !

SECOND CHAPTER: BASIC INSURANCE TERMINOLOGIES -CLASS IX-INSURANCE- বীমাৰ প্ৰাথমিক মূলপদসমূহ- দ্বিতীয় অধ্যায় - নৱম শ্ৰেণী- বাণিজ্য

প্ৰশ্নাৱলীঃ

১/ বীমাকাৰী  আৰু বীমাকৰ্তা বুলিলে কি বুজা ?

উত্তৰঃ যি ব্যক্তিয়ে সম্ভাব্য বিপদৰ পৰা নিৰাপত্তা বিচাৰি বীমাপত্ৰ ক্ৰয় কৰে, তেওঁক বীমাকাৰী বোলা হয় ৷
যি প্ৰতিষ্ঠান বা কোম্পানীয়ে কোনো ব্যক্তি বা প্ৰতিষ্ঠানক এক নিৰ্দিষ্ট সময়ৰ ভিতৰত জীৱন বা অন্যান্য সম্পত্তিৰ পৰা উদ্ভৱ হ'ব পৰা সাম্ভাব্য বিপদৰ পৰা নিৰাপত্তা প্ৰদান কৰে, তেনে প্ৰতিষ্ঠান বা কোম্পানীক বীমাকৰ্তা বোলা হয় ৷ 

২/ বীমা  আশ্বাস মানে কি ?

উত্তৰঃ বীমা আশ্বাস হৈছে এক চুক্তি যাৰ আধাৰত এটা পক্ষই আন এটা পক্ষৰ জীৱন আৰু সম্পত্তিৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সাম্ভাৱ্য বিপদশংকাৰ বিৰুদ্ধে আৰ্থিক নিৰাপত্তা প্ৰদান কৰে ৷ যদি এনে বিপদ প্ৰকৃতাৰ্থত উদ্ভৱ হয়, তেন্তে তাৰ আৰ্থিক ক্ষতিপূৰণ দিয়া হয় ৷ 

SECOND CHAPTER: BASIC INSURANCE TERMINOLOGIES -CLASS IX-INSURANCE- বীমাৰ প্ৰাথমিক মূলপদসমূহ- দ্বিতীয় অধ্যায় - নৱম শ্ৰেণী- বাণিজ্য



৩/ বীমাকিস্তি  মানে কি ?

উত্তৰঃ চুক্তি অনুসৰি  বীমাকাৰীয়ে বীমাপত্ৰ ক্ৰয় কৰাৰ বাবদ বীমাকৰ্তাক একেলগে বা কিস্তি হিচাপত যি পৰিমাণৰ বৰঙনি পৰিশোধ কৰে, তেন্তে তাৰ আৰ্থিক ক্ষতিপূৰণ  দিয়া হয় ৷ 

৪/ বৰঙনি  বুলিলে কি বুজা ?

উত্তৰঃ যি নীতিৰ আধাৰত যদি একোটা বিষয়বস্তু একাধিক বীমা কোম্পানীৰ ওচৰত বীমা কৰোৱা হয় আৰু তেনে সম্পত্তিৰ ক্ষতি হ'লে বীমাকাৰীয়ে প্ৰত্যেক বীমা কোম্পানীৰ পৰা সুকীয়া সুকীয়াকৈ ক্ষতিপূৰণ মূল্য আদায় কৰিব নোৱাৰে ৷ তেনে নীতিক বৰঙনি বোলা হয় ৷ 

৫/ পুনঃবীমা কি হয় ?

উত্তৰঃ পুনঃবীমা হৈছে এক প্ৰকাৰ বীমা প্ৰক্ৰিয়া যাৰ আধাৰত এটা বীমা কোম্পানীয়ে বীমা চুক্তিৰ বিপৰীতে গ্ৰহণ কৰা বা দায়িত্ব সম্পূৰ্ণভাৱে  বা আংশিকভাৱে অন্য এটা বীমা কোম্পানীলৈ চুক্তিৰ যোগেদি হস্তান্তৰ কৰে ৷ 

৬/ চমুটোকা লিখা ( দুটামান শাৰীৰ ভিতৰত উত্তৰ লিখা )

(ক) ক্ষতিপূৰণ 

(খ) সম্পূৰ্ণ সৰল বিশ্বাস 

(গ) বীমাযোগ্য স্বাৰ্থ

(ঘ) সংকট

(ঙ) বীমা প্ৰতিনিধি

(চ) দালাল 

(ছ) দাবী 

(জ) প্ৰতিশ্ৰুতি 

(ঝ) বিপদশংকা 

(ঞ) অনুগ্ৰহৰ সময় 

(ট) আশ্বাস 

উত্তৰঃ 

(ক) ক্ষতিপূৰণঃ

বীমাচুক্তি আধাৰত বীমাকাৰীয়ে সন্মুখীন হোৱা ক্ষতিৰ যি পৰিমাণ ন্যায়িকভাৱে বীমাকৰ্তা কোম্পানীয়ে বীমাকাৰীক প্ৰদান কৰে, তাক ক্ষতিপূৰণ বোলে ৷ সাধাৰণতে এই ক্ষতিপূৰণ আৰ্থিকভাৱে প্ৰদান কৰা হয় ৷

(খ) সম্পূৰ্ণ সৰল বিশ্বাসঃ

বীমাচুক্তিৰ লগত জড়িত থকা সকলো পক্ষই সৰল বিশ্বাসৰ ভেটিত বীমাচুক্তি সম্পাদন কৰে ৷ এই ক্ষেত্ৰত সকলোবোৰ তথ্য সত্য আৰু শুদ্ধ হোৱা উচিত ৷ এই চুক্তি সম্পূৰ্ণ আৰু নিষ্টাৰে সম্পাদন হ'ব লাগিব ৷ 

(গ) বীমাযোগ্য স্বাৰ্থঃ

বীমাকাৰীৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পৰা আৰম্ভ কৰি শেষ নোহোৱা পৰ্যন্ত বীমাযোগ্য স্বাৰ্থৰ অবিহনে বীমাচুক্তি কেতিয়াও সম্পৰ্ণ নহয় ৷

(ঘ) সংকটঃ

বীমা চুক্তি আধাৰত উদ্ভৱ হোৱা যিবোৰ সাম্ভাব্য বিপদ বা বিপদশংকাৰ নাম বীমা চুক্তিত উল্লেখ থাকে, সেইবোৰক বীমাৰ সংকট বোলা হয় ৷ ই একমাত্ৰ চুক্তিত উল্লেখ থকা বিপদশংকা সমূহকে সামৰি হয় ৷ যেনে - অগ্নি, চুৰি ইত্যাদি ৷

(ঙ) বীমা প্ৰতিনিধিঃ

যিসকল ব্যক্তিয়ে কোনো বীমা কোম্পানীক প্ৰতিনিধিত্ব কৰে আৰু বিমা কোম্পানীৰ হৈ জনসাধাৰণৰ মাজত বীমাপত্ৰ বিক্ৰী বা বিনিময় কৰে, তেনে ব্যক্তিক বীমা প্ৰতিনিধি বোলা হয় ৷ বীমা প্ৰতিনিধি সকল বীমাকাৰী আৰু বীমাকৰ্তা সকলৰ মাজত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰে ৷

(চ) দালালঃ

যিসকল ব্যক্তিয়ে জনসাধাৰণৰ মাজত বিভিন্ন কোম্পানীৰ বীমাপত্ৰ বিক্ৰী বা বিনিময় কৰে, তেনে ব্যক্তিক দালাল বোলা হয় ৷ তেওঁলোক কোনো বিশেস্ৰ কোম্পানীৰ সৈতে জড়িত নাথাকে আৰু গ্ৰাহকৰ প্ৰয়োজন সাপেক্ষে বিভিন্ন ধৰণৰ প্ৰতিভূতি কিনা-বেচা কৰা হয় ৷  

(ছ) দাবীঃ

এজন বীমাকাৰীয়ে বীমাকোম্পানীক বীমাচুক্তিৰ আধাৰত উদ্ভৱ হোৱা লোকচানৰ ক্ষতিপূৰণ দিবলৈ যি অনুৰোধ জনায় তাকে দাবী বোলা ৷ শাধাৰণতে বীমা কোম্পানীয়ে যি যি বিপদশংকাৰ বিৰুদ্ধে নিৰাপত্তা প্ৰদান কৰে, তেনে বিপদসমূহ উদ্ভৱ হ'লেহে বীমাচুক্তিৰ আধাৰত বীমাকৰীয়ে দাবী জনাব পাৰে ৷ 

(জ) প্ৰতিশ্ৰুতিঃ

এটা বীমা কোপানীয়ে এজন বীমাকাৰীক বীমা চুক্তিৰ আধাৰত সত্যতা আৰু নিৰ্ভৰযোগ্য সম্পৰ্কে যি লিখিত নিশ্চয়তা প্ৰদান কৰে, তাকে প্ৰতিশ্ৰুতি বোলে ৷ 

(ঝ) বিপদশংকাঃ

বীমা চুক্তিৰ আধাৰত যি ঘটনা বা অগটন সংঘটিত হ'লে বীমাকাৰীৰ লোকচান বা ক্ষতি হয়, তাক বিপদশংকা বোলে ৷ এনে বিপদশংকা মানুহৰ জীৱনৰ লগত জড়িত হ'ব পাৰে বা সা-সম্পত্তিৰ ক্ষেত্ৰত উদ্ভৱ হোৱা কোনো দূৰ্ঘটনা যেনে -জুই লগা বা চুৰি কাৰ্য ইত্যাদিও হ'ব পাৰে ৷ 

(ঞ) অনুগ্ৰহৰ সময়ঃ

বীমাচুক্তিৰ  আধাৰত বীমাকাৰীয়ে বীমা কিস্তি পৰিশোধ কৰাৰ শেষ দিন উকলি যোৱাৰ পাছত যি অতিৰিক্ত সময়সীমা লাভ কৰে, তাক অনুগ্ৰহৰ সময় বোলে ৷ অনুগ্ৰহৰ সময়ৰ ভিতৰত বীমা কিস্তি পৰিশোধ কৰিলে বীমাপত্ৰ বাতিল হোৱাৰ পৰা ৰক্ষা পৰে ৷  

(ট) আশ্বাসঃ

আশ্বাস আৰু বীমাৰ মাজত বহুখিনি সামঞ্জস্য আছে, তথাপি আশ্বাস একমাত্ৰ জীৱন বীমৰ ক্ষেত্ৰতহে প্ৰযোজ্য হয় ৷ আশ্বাস অনুসৰি কোনো বিশেষ ঘটনা সংঘটিত হওঁক বা নহওঁক ক্ষতিপূৰণ প্ৰদান কৰা হয় ৷



Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Bottom Post Ad