(সমল নং ১ )
( অষ্টম শ্ৰেণীৰ বাবে )
_____________________________________________________________________________________
বিষয়ঃ অসমীয়া
পাঠ নংঃ নামৰ বেবেৰিবাং
( সপ্তম শ্ৰেণীৰ পুনৰালোচনা )
টোকাঃ এই পাঠটো যোৱা বছৰ সপ্তম শ্ৰেণীত সম্পূৰ্ণ কৰিব নোৱাৰা বাবে তাত থকা গুৰুত্বপূৰ্ণ কথাখিনি আলোচনাৰ বাবে দিয়া হৈছে ৷
কাৰ্য-১ঃ
'' নামটো নিধনীৰাম হ'লেও মানুহজন আছিল দৰাচলতে ধনি ৷ ধনে -জনে তেওঁৰ ৰৰৈয়া গৃহস্থালি ৷ গোহালীত গৰু, পুখুৰীত মাছ, ভৰালত ধান, পেটাৰিত ধন-কোনোফালেই অভাবৰ মুখ দেখা পোৱা নাছিল ৷ তথাপি মানুহে তেওঁক নধনী বুলিহে মাটে ৷ এই নামটোৰে মতা সুনিলেই তেওঁৰ গাত যেন বিচা-বৰলে দাকে ৷ সদায় নিধনীৰামে ইয়াৰ প্ৰতিকাৰৰ কথাকেই ভাবি থাকে ৷ ভাবি ভাবি মনৰ দুখত এদিন তেউ ঘৰৰ পৰা ওলাই গ'ল ৷''
ওপৰত দিয়া দফাটো ভালকৈ পঢ়া ৷ তাত থকা ভূল বানানবোৰ উলিয়াই তলৰ তালিকাখনত শুদ্ধকৈ লিখা -
উদাহৰণঃ ভূল - ধনি , শুদ্ধ - ধনী
| ভুল | শুদ্ধ |
|---|---|
| ডৰাচলতে | দৰাচলতে |
| জণে | জ'নে |
| ৰৈৰয়া | ৰৰৈয়া |
| গোহালী | গোঁহালি |
| পুখুৰিত | পুখুৰীত |
| পেতাৰিত | পেটাৰিত |
| ধণ | ধন |
| অভাবৰ | অভাৱৰ |
| ভৰালত | ভঁৰালত |
| তথাপী | তথাপি |
| মাটে | মাতে |
| সুনিলেই | শুনিলেই |
| বিচা | বিছা |
| দাকে | ডাকে |
| প্ৰটিকাৰৰ | প্ৰতিকাৰৰ |
| ঠাকে | থাকে |
| মণৰ | মনৰ |
| তেউ | তেওঁ |
তলত দিয়া শব্দসমূহৰ অৰ্থ তলৰ ঘৰটোৰ পৰা আনি লিখা-
| শব্দ | অৰ্থ |
|---|---|
| বেবেৰিবাং | |
| সামঞ্জস্য | |
| ব্যঙ্গাত্মক | |
| সাউদ | |
| ডাল-দৰিদ্ৰ | |
| ৰৰৈয়া | |
| ভেকাহি | |
| হালোৱা | |
| জাঁটলী | |
| বাস্তৱ | |
| খোৰাক | |
| পদ্মলোচন | |
| বেজবেজাই | |
| দৰাচলতে | |
| পেটাৰি | |
| নিজৰা | |
| মৰচেৰেলা | |
| সজ |
উত্তৰঃ
| শব্দ | অৰ্থ |
|---|---|
| বেবেৰিবাং | বিশৃংখল |
| সামঞ্জস্য | সমল |
| ব্যঙ্গাত্মক | সংগতি (মিল থকা) |
| সাউদ | সদগিৰি |
| ডাল-দৰিদ্ৰ | আত - দুখীয়া |
| ৰৰৈয়া | নদন বদন |
| ভেকাহি | খঙেৰে মৰা ডাবি |
| হালোৱা | হাল-বাওঁতা |
| জাঁটলী | জঁট লগা চুলি থকা |
| বাস্তৱ | সত্য |
| খোৰাক | উপহাসমূলক |
| পদ্মলোচন | পদুমৰ দৰে চকু |
| বেজবেজাই | ডাকি যোৱাকৈ |
| দৰাচলতে | প্ৰকৃততে |
| পেটাৰি | জপাঁ |
| নিজৰা | পৰ্বতৰ পৰা অলপ অলপকৈ বৈ অহাপানী |
| মৰচেৰেলা | হাড়ে-চালে লগা |
| সজ | ভাল |
কাৰ্য-৩ঃ সম্বন্ধবাচক শব্দবোৰ লিখা -
তোমাৰ -
(ক) দেউতাৰৰ ককায়েক - বৰদেউতা
(খ) দেউতাৰৰ ভায়েক -
(গ) দেউতাৰৰ বায়েক -
(ঘ) দেউতাৰৰ ভনীয়েক -
(ঙ) মাৰাৰ দেউতাক -
(চ) মাৰাৰ মাক -
(ছ) মাৰাৰ ককায়েক বা ভায়েক -
(জ) মাৰাৰ বায়েক -
(ঝ) মাৰাৰ ভনীয়েক -
(ঞ) মাৰাৰ ককায়েকৰ পত্নী -
(ট) দেউতাৰাৰ মোমায়েক -
(ঠ) মাৰাৰ মোমায়েকৰ পত্নী -
(ড) পেহীয়েৰাৰ গিৰিয়েক -
(ঢ) মাহীয়েৰাৰ গিৰিয়েক -
(ণ) বাইদেৱেৰাৰ গিৰিয়েক -
(ত) দদায়েৰা বা ককায়েৰাৰ পত্নী -
উত্তৰঃ
(ক) দেউতাৰৰ ককায়েক - বৰদেউতা
(খ) দেউতাৰৰ ভায়েক - খুড়া
(গ) দেউতাৰৰ বায়েক - জেঠাই
(ঘ) দেউতাৰৰ ভনীয়েক - পেহী
(ঙ) মাৰাৰ দেউতাক - ককা
(চ) মাৰাৰ মাক - আইতা
(ছ) মাৰাৰ ককায়েক বা ভায়েক - মোমাই
(জ) মাৰাৰ বায়েক - জেঠাই
(ঝ) মাৰাৰ ভনীয়েক - মাহী
(ঞ) মাৰাৰ ককায়েকৰ পত্নী - মামী
(ট) দেউতাৰাৰ মোমায়েক - মোমাই ককা
(ঠ) মাৰাৰ মোমায়েকৰ পত্নী - মামী আইতা
(ড) পেহীয়েৰাৰ গিৰিয়েক - পেহা
(ঢ) মাহীয়েৰাৰ গিৰিয়েক - মহা
(ণ) বাইদেৱেৰাৰ গিৰিয়েক - ভিনি
(ত) দদায়েৰা বা ককায়েৰাৰ পত্নী - খুৰী বা নবৌ
কাৰ্য-৪ঃ
তলৰ শব্দবোৰৰ প্ৰত্যয় ভাঙি দেখুওৱা-
উদাহৰণঃ জ্ঞানী = জ্ঞান + ঈ
প্ৰাণী =
মানী =
সূৰ্যমুখী =
বহুৰূপী =
সমভাগী =
মৃত্যুঞ্জয়ী =
সহপাঠী =
আকাশী =
নিলাজ =
মৰমী =
দৰদী =
সাহসী =
উদাসী =
বিদায়ী =
উত্তৰঃ
প্ৰাণী = প্ৰাণ + ঈ
মানী = মান + ঈ
সূৰ্যমুখী = সূৰ্য + মুখ + ঈ
বহুৰূপী = বহু + ৰূপ + ঈ
সমভাগী = সম + ভাগ + ঈ
মৃত্যুঞ্জয়ী = মৃত্যু + ঞ্জয় + ঈ
সহপাঠী = সহ + পাঠ + ঈ
আকাশী = আকাশ + ঈ
নিলাজ = নিলাজ + ঈ
মৰমী = মৰম + ঈ
দৰদী = দৰদ + ঈ
সাহসী = সাহস + ঈ
উদাসী = উদাস + ঈ
বিদায়ী = বিদায় + ঈ
Thanks
ReplyDeleteThank you
ReplyDeletePlease don't use spam link in the comment box.