Type Here to Get Search Results !

অধ্যায় ৩ঃ কৃত্ৰিম আঁহ আৰু প্লাষ্টিক- বিজ্ঞান- অষ্টম শ্ৰেণী- Chapter 3- Synthetic Fibres and Plastics- Science -Class 8

  অনুশীলনীঃ

১) কিছুমান আঁহক সাংশ্লেষিক বুলি কোৱা হয় কিয় ? ব্যাখ্যা কৰা ৷

উত্তৰঃ কিছুমান আঁহক সাংশ্লেষিক বুলি কোৱা হয় কাৰণ এই আহঁবোৰৰ কিছুমানক মানুহে প্ৰস্তুত কৰে ৷ সাংশ্লেষিক আঁহবোৰক মানৱসৃষ্ট আঁহ বুলিও কোৱা হয় ৷ 

২) শুদ্ধ উত্তৰত " ✔ " চিন দিয়া ৷

সাংশ্লেষিক আঁহসমূহৰ  পৰা  ৰেয়ন বেলেগ, কিয়নো - 

(ক) ইয়াৰ এটা ৰেচম-সদৃশ ৰূপ আছে ৷

(খ) ইয়াক কাঠৰ-মণ্ডৰ পৰা পোৱা যায় ৷

(গ) প্ৰাকৃতিক আঁহবোৰৰ দৰে ইয়াৰ আঁহবোৰ বব পাৰি ৷

উত্তৰঃ সাংশ্লেষিক আঁহসমূহৰ  পৰা  ৰেয়ন বেলেগ, কিয়নো - 

(ক) ইয়াৰ এটা ৰেচম-সদৃশ ৰূপ আছে ৷

(খ) ইয়াক কাঠৰ-মণ্ডৰ পৰা পোৱা যায় ৷

(গ) প্ৰাকৃতিক আঁহবোৰৰ দৰে ইয়াৰ আঁহবোৰ বব পাৰি ৷

৩) উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা ৷

(ক) সাংশ্লেষিক আঁহবোৰক _______ বা ________ বুলিও কোৱা হয় ৷

(খ) সাংশ্লেষিক আঁহবোৰক ______ নামৰ কেঁচামালৰ পৰা সংশ্লেষণ কৰা হয় ৷

(গ) সাংশ্লেষিক আঁহবোৰৰ দৰে প্লাষ্টিকো এবিধ ______ ৷ 

উত্তৰঃ 

(ক) সাংশ্লেষিক আঁহবোৰক কৃত্ৰিম বা মানৱসৃষ্ট আঁহ বুলিও কোৱা হয় ৷

(খ) সাংশ্লেষিক আঁহবোৰক পেট্ৰ'লিয়াম নামৰ কেঁচামালৰ পৰা সংশ্লেষণ কৰা হয় ৷

(গ) সাংশ্লেষিক আঁহবোৰৰ দৰে প্লাষ্টিকো এবিধ বহুযোগী ৷

অধ্যায় ৩ঃ কৃত্ৰিম আঁহ আৰু প্লাষ্টিক- বিজ্ঞান- অষ্টম শ্ৰেণী- Chapter 3- Synthetic Fibres and Plastics- Science -Class 8


৪) নাইলনৰ আঁহবোৰ যে বৰ শক্তিশালী সেইটো বুজাবলৈ উদাহৰণ দিয়া ৷

উত্তৰঃ নাইলনৰ আঁহবোৰ মজবুত, নমনীয় আৰু পাতল ৷ নাইলনৰ আহঁবোৰ উজ্জ্বল আৰু ধুবলৈ সহজ ৷ শিলাৰোহণৰ বাবে ব্যৱহাৰ কৰা পেৰাচুট আৰু ৰছী বনাবলৈও নাইলন ব্যৱহাৰ কৰা হয় ৷ নাইলন সূতা এডাল আচলতে তীখাৰ তাঁৰ এডালতকৈ বেছি শক্তিশালী ৷ 

৫) খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰবোৰক পছন্দ কৰা হয় কিয় ?

উত্তৰঃ খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰবোৰক পছন্দ কৰা হয় কাৰণ এই পাত্ৰবোৰ কম ওজনৰ, কম দামৰ, মজবুত আৰু এইবোৰক ব্যৱহাৰ কৰাটোও সহজ আৰু ই খাদ্যৰ লগতে বিক্ৰিয়া নকৰে ৷ 

৬) তাপনমনীয় আৰু তাপদৃঢ় প্লাষ্টিকৰ মাজত থকা পাৰ্থক্য ব্যাখ্যা কৰা ৷ 

উত্তৰঃ (ক) যিবোৰ প্লাষ্টিক তপতালে সহজে বিকৃত হয় আৰু সহজে বাঁজ কৰিব পাৰি তেনে প্লাষ্টিকবোৰক থাৰ্ম'প্লাষ্টিক বা তাপনমনীয় প্লাষ্টিক বুলি কোৱা হয় ৷ উদাহৰণঃ পলিথিন , PVC ইত্যাদি ৷               আনহাতে যিবোৰ প্লাষ্টিক এবাৰ আকৃতি দিয়াৰ পাছত পুনৰ তপতালেও কোমলাব নোৱাৰি তেনে প্লাষ্টিকক থাৰ্ম'ছেটিং প্লাষ্টিক বা তাপদৃঢ় প্লাষ্টিক বোলা হয় ৷ উদাহৰণঃ বেকেলাইট , মেলামাইন ইত্যাদি ৷

          (খ) তাপনমনীয় প্লাষ্টিকবোৰ তাপৰ সু-পৰিবাহী, আনহাতে তাপদৃঢ় প্লাষ্টিকবোৰ তাপৰ কু-পৰিবাহী ৷ 

৭) তলত দিয়াবোৰ কিয় তাপদৃঢ় প্লাষ্টিকেৰে বনোৱা হয় ব্যাখ্যা কৰা ৷

(ক) ছছপেনৰ নাল 

(খ) বিদ্যুতৰ প্লাগ/ছুইছ/ প্লাগ ব'ৰ্ড 

উত্তৰঃ  

(ক) ছছপেনৰ নালঃ 

       ছছপেন যিহেতু জুইৰ ওচৰত প্ৰায়ে থাকিব আৰু জুইৰ তাপৰ ফলত ইয়াৰ নাল কোমল হৈ যোৱাটো উচিত নহয় সেইবাবে চচপেনৰ নালটো তাপদৃঢ় প্লাষ্টিকেৰে বনোৱা হয় ৷ তাপনমনীয় প্লাষ্টিক লগালে ই তাপৰ প্ৰভাৱত সহজে বিকৃতি হ'ব ৷ 

(খ) বিদ্যুতৰ প্লাগ/ছুইচ/ প্লাগ ব'ৰ্ডঃ

     বিদ্যুতৰ প্লাগ/ছুইচ/ প্লাগ ব'ৰ্ড ইত্যাদিবোৰ বিদ্যুত শক্তিৰ লগত সংযোগ হৈ থাকে আৰু এই ছুইচবোৰ মানুহে সদায় ঘৰত ব্যৱহাৰ কৰি থাকে অৰ্থাৎ লাইট অন-অফ কৰিবলৈ নিজৰ হাত ব্যৱহাৰ কৰি থাকে  , বৈদ্যুতিক তাঁৰৰ লগত সংযোগ হৈ থাকিলেও এইবোৰ বিদ্যুতৰ কু-পৰিবাহী কাৰণ এইবোৰ তাপদৃঢ় প্লাষ্টিকেৰে বনোৱা হয় ৷ 

৮) তলত দিয়া সামগ্ৰীসমুহৰ পদাৰ্তবোৰক "পুনৰাবৰ্তন কৰিব পৰা" আৰু "পুনৰাবৰ্তন কৰিব নোৱাৰা" হিচাপে শ্ৰেণীভূক্ত কৰা -

 টেলিফোনৰ সা-সৰঞ্জাম, প্লাষ্টিকৰ খেলনা, কুকাৰৰ নাল, কেৰি-বেগ, বল-পেইণ্ট পেন, প্লাষ্টিকৰ বাটি, বৈদ্যুতিক তাঁৰৰ প্লাষ্টিকৰ আৱৰণ, প্লাষ্টিক চকী, বৈদ্যুতিক ছুইচ ৷ 

উত্তৰঃ  

পুনৰাবৰ্তন কৰিব পৰাঃ 

  প্লাষ্টিকৰ খেলনা, কেৰি-বেগ, প্লাষ্টিকৰ বাটি, বৈদ্যুতিক তাঁৰৰ প্লাষ্টিকৰ আৱৰণ, প্লাষ্টিক চকী ৷

পুনৰাবৰ্তন কৰিব নোৱাৰাঃ

  টেলিফোনৰ সা-সৰঞ্জাম, কুকাৰৰ নাল, বল-পেইণ্ট পেন, বৈদ্যুতিক ছুইচ 

৯) ৰাণাই গ্ৰীষ্মকালৰ বাবে ছাৰ্ট কিনিব খুজিছে ৷ তেওঁ কপাহী ছাৰ্ট নে সাংশ্লেষিক আঁহেৰে তৈয়াৰী ছাৰ্ট কিনাটো উচিত হ'ব ? কাৰণ দৰ্শাই ৰাণাক উপদেশ দিয়া ৷

উত্তৰঃ ৰাণাই গ্ৰীষ্মকালৰ বাবে ছাৰ্ট কিনিব খুজিছে ৷ তেওঁ কপাহী ছাৰ্ট  কিনাটো উচিত হ'ব কাৰণ কপাহী কাপোৰে অতি সহজে ঘাম পানী সমূহ শোষণ কৰি ৰাণাৰ শৰীৰক শীতল কৰি পেলাব , কিনতু সাংশ্লেষিক আঁহেৰে তৈয়াৰী ছাৰ্টে ঘাম পানী শোষণ কৰিব নোৱাৰিব ৷ সেইবাবে মই ৰাণাক ৰাণাক উপদেশ হিচাপে  গ্ৰীষ্মকালৰ বাবে কপাহী ছাৰ্ট কিনিবলৈ কম ৷ 

১০) প্ৰকৃতিগতভাৱে প্লাষ্টিকসমূহ যে অ-ক্ষয়কাৰী তাক দেখুৱাবলৈ উদাহৰণ দিয়া ৷

উত্তৰঃ প্ৰকৃতিগতভাৱে প্লাষ্টিকসমূহ যে অ-ক্ষয়কাৰী কাৰণ প্লাষ্টিকে পানী আৰু বায়ুৰ লগত বিক্ৰিয়া নকৰে আৰু সেইবাবে ইয়াক মামৰে নধৰে ফলত ইয়াৰ ক্ষয়ো নহয় ৷ 

১১) টুথ ব্ৰাছ এডালৰ নাল আৰু নোমবোৰ একে পদাৰ্থৰে তৈয়াৰী কৰাটো উচিত নে ? ব্যাখ্যা কৰা ৷ 

উত্তৰঃ টুথ ব্ৰাছ এডালৰ নাল আৰু নোমবোৰ একে পদাৰ্থৰে তৈয়াৰী কৰাটো উচিত নহয় ৷ টুথ ব্ৰাছ এডালৰ নালডাল অলপ টান হোৱা উচিত আৰু ইয়াৰ নোমবোৰ কোমল হোৱা উচিত ৷ 

১২) "পৰাপক্ষত প্লাষ্টিক এৰাই চলিবা" - এই পৰামৰ্শৰ ওপৰত মতামত দিয়া ৷ 

উত্তৰঃ "পৰাপক্ষত প্লাষ্টিক এৰাই চলিবা" - এই পৰামৰ্শৰ ওপৰত তলত মতামত দিয়া হ'ল -

          প্লাষ্টিক পচিবলৈ যিহেতু বহুত বছৰ লাগে, সেয়ে ই পৰিৱেশ-হিতৈষী নহয় ৷ ই পৰিৱেশ প্ৰদুষণ কৰে ৷ ইয়াৰ উপৰি সাংশ্লেষিক পদাৰ্থৰ দহন প্ৰক্ৰিয়া খুবেই লেহেম গতিত হয় আৰু ই সম্পূৰ্ণৰূপে পুৰি নাযায় ৷ দহন প্ৰক্ৰিয়াত প্লাষ্টিকে বায়ুমণ্ডললৈ বহুতো ধোঁৱা েৰি দি বায়ুৰ প্ৰদূষণ ঘটায় ৷ সেইবাবে প্লাষ্টিকৰ ব্যৱহাৰৰ পৰা এৰাই চলিব লাগে ৷ 

        আমি কেতিয়াবা দেখা পাওঁ যে গৰুবোৰে পেলনীয়া আৱৰ্জনাৰ পৰা খাদ্য খাওঁতে সিহঁতে পলিথিনৰ মোনা আৰু খাদ্য মেৰিওৱা আৱৰণ গিলি থয় ৷ প্লাষ্টিকৰ পদাৰ্থবোৰে গৰুৰ বা আন প্ৰাণীৰ পাকস্থলীত এটা তৰপৰ সৃষ্টি কৰে আৰু ইয়েই প্ৰাণিবোৰৰ মৃত্যুৰ কাৰণ হ'ব পাৰে ৷ সেয়েহ আমি প্লাষ্টিকৰ ব্যৱহাৰৰ পৰা এৰাই চলিব লাগে ৷ 

        প্লাষ্টিকৰ মোনাবোৰ য'তে-ত'তে দলিওৱাৰ কাৰণে নলা-নৰ্দমাবোৰ বন্ধ হয় ৷ কেতিয়াবা আমি বৰ অসাৱধান হওঁ আৰু চিপছ্, বিস্কুট আৰ আন খাদ্য মেৰিওৱা আৱৰণবোৰ আলিবাট বা পাৰ্ক বা বনভোজ স্থলীত দলিয়াই দিওঁ ৷ আমাৰ ব্যৱহাৰৰ বাবেই  এনে হৈছে ৷ সেইবাবে আমি প্লাষ্টিকৰ ব্যৱহাৰৰ পৰা এৰাই চলিব লাগে ৷

১৩)"A" স্তম্ভত দিয়া শব্দবোৰক "B" স্তম্ভত দিয়া খণ্ড-বাক্যৰ লগত শুদ্ধকৈ মিলোৱা - 

A                       B

(i) পলিয়েষ্টাৰ               (a) কাঠৰ মণ্ড ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয় ৷

(ii) টেফ্লন                    (b) পেৰাচুট আৰু মোজা বানবলৈ ব্যৱহাৰ কৰা হয় ৷

(iii) ৰেয়ন                    (c) কৰাল নলগা/ লাগি নধৰা ৰন্ধন সা-সৰঞ্জাম বনাবলৈ ব্যৱহাৰ কৰা হয় ৷

(iv) নাইলন                  (d) সহজে শোটোৰা নপৰা কাপোৰ ৷

উত্তৰঃ 

A                       B

(i) পলিয়েষ্টাৰ               (d) সহজে শোটোৰা নপৰা কাপোৰ ৷

(ii) টেফ্লন                    (c) কৰাল নলগা/ লাগি নধৰা ৰন্ধন সা-সৰঞ্জাম বনাবলৈ ব্যৱহাৰ কৰা হয় ৷

(iii) ৰেয়ন                    (a) কাঠৰ মণ্ড ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয় ৷

(iv) নাইলন                 (b) পেৰাচুট আৰু মোজা বানবলৈ ব্যৱহাৰ কৰা হয় ৷

১৪) "সাংশ্লেষিক আঁহসমূহৰ উৎপাদন আচলতে বন সংৰক্ষণত সহায় কৰি আছে " - মতামত দিয়া ৷ 

উত্তৰঃ 

১৫) তাপ নমনীয় প্লাষ্টিক যে বিদ্যুতৰ কু-পৰিবাহী সেইটো দেখুৱাবলৈ এটা ক্ৰিয়াকলাপ বৰ্ণনা কৰা ৷ 

উত্তৰঃ তাপ নমনীয় প্লাষ্টিক যে বিদ্যুতৰ কু-পৰিবাহী সেইটো দেখুৱাবলৈ তলত এটা কাৰ্যকলাপ বৰ্ণনা কৰা হ'ল- 

   [ তাপ নমনীয় প্লাষ্টিক যে বিদ্যুতৰ কু-পৰিবাহী সেই কাৰ্যকলাপটো  দেখুওৱাৰ আগতে প্ৰথমতে আমি জানি লওঁ যে তাপ নমনীয় প্লাষ্টিক কাক কয় ? সাধাৰণতে যিবোৰ প্লাষ্টিক তপতালে সহজতে বিকৃত হয় আৰু সহজে ভাঁজ কৰিব পাৰি তেনে প্লাষ্টিকক থাৰ্ম'প্লাষ্টিক বা তাপনমনীয় প্লাষ্টিক বোলা হয় ৷ পলিথিন আৰু PVC(Polyvinyl chloride) থাৰ্ম'প্লাষ্টিকৰ উদাহৰণ ৷ এইবোৰক খেলনা, ফণি আৰু নানান ধৰণৰ পাত্ৰ উৎপাদন কৰাত ব্যৱহাৰ কৰা হয় ৷ ]

         আমাক লাগিব তাপ নমনীয় প্লাষ্টিকঃ ফণি , এটা কোষ , এটা সৰু বাল্ব , তাপদৃঢ় প্লাষ্টিকঃ

                


Post a Comment

1 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
  1. দুবিধ থার্ম’ছেটিং প্লাষ্টিকৰ উদাহৰণ দিয়া।

    ReplyDelete

Please don't use spam link in the comment box.

Top Post Ad

Bottom Post Ad