Type Here to Get Search Results !

EXERCISE 13.1 - Surface Areas and Volumes- Class IX -MATHEMATICS -ASSAM BOARD- অনুশীলনী 13.1 পৃষ্ঠকালি আৰু আয়তন - অধ্যায় ১৩ - সাধাৰণ গণিত শ্ৰেণী নৱম

                                                          


    পৃষ্ঠকালি আৰু আয়তনৰ অনুশীলনী 13.1 ৰ সমস্যাসমূহঃ

      অনুশীলনী 13.1

    1.5 মি. দৈর্ঘ্য, 1.25 মি. প্রস্থ আৰু 65 চে.মি. গভীৰতাৰ এটা প্লাষ্টিকৰ বাকচ সাজিব লাগে। ইয়াৰ উপৰিভাগ খোলা। প্লাষ্টিকৰ পাতৰ বেধ (বা স্থূলতা) টোক উপেক্ষা কৰিব তলৰ কথাকেইটা নির্ণয় কৰাঃ 

    (i) বাকচটো সাজিবলৈ লগা প্লাষ্টিকৰ পাতৰ কালি।

    (ii) প্রতি বর্গ মিটৰত 20 টকাকৈ, প্রয়োজন হোৱা প্লাষ্টিকৰ পাতৰ মূল্য।

    2. এটা কোঠাৰ দীঘ, প্রস্থ আৰু উচ্চতা ক্ৰমে 5 মি., 4 মি. আৰু 3 মি.। প্রতি বর্গ মিটাৰত 7.50 টকাকৈ কোঠাটোৰ বেৰ আৰু চিলিঙত চূণ লগোৱাৰ খৰচ নিৰ্ণয় কৰা।

    3.এটা আয়তীয় কোঠালি (হল ঘৰ)ৰ মজিয়াৰ পৰিসীমা 250 মি.। যদি প্রতি বর্গ মিটাৰত 10 টকাকৈ ইয়াৰ চাৰি বেৰত ৰং লগোৱাৰ খৰচ 15000 টকা হয়, তেন্তে কোঠালিটোৰ উচ্চতা নির্ণয় কৰা। [ইংগিত :চাৰিখন বেৰৰ কালি=পার্শ্বিয় পৃষ্ঠকালি ]

    4. কোনো এটা পাত্ৰত থকা ৰংখিনি 9.375 বর্গ মিটাৰ কালিৰ ঠাই এটুকুৰা ৰং কৰাৰ বাবে পর্যাপ্ত। 22.5 চে.মি. × 10 চে.মি. x 7.5 চে.মি. জোখৰ কিমান টুকুৰা ইটা এইখিনিৰে ৰং কৰিব পৰা যাব?

    5. এটা ঘনক আকৃতিৰ বাকচৰ প্ৰতিটো কাষৰ দীঘ 10 চে.মি. আৰু আন এটা আয়তীয় ঘনক আকৃতিৰ বাকচৰ দীঘ 12.5 চে.মি., প্রস্থ 10 চে.মি. আৰু উচ্চতা ৪ চে.মি.।

    (i) কোনটো বাকচৰ পাৰ্শ্ব পৃষ্ঠকালি বেছি আৰু কিমান বেছি?

    (ii) কোনটো বাকচৰ মুঠ পৃষ্ঠকালি কম আৰু কিমান কম?

    6. ঘৰৰ ভিতৰত ৰাখিব পৰা এটা গ্ৰীণ হাউছ (সেউজ-গৃহ অৰ্থাৎ কাঁচেৰে নিৰ্মিত সৰু গছ ৰুব পৰা ঘৰ) তাৰ তলিৰে সৈতে টেপৰদ্বাৰা সংযুক্ত কাঁচৰ পাতেৰে তৈয়াৰী। ইয়াৰ দীঘ, প্রস্থ আৰু উচ্চতা ক্রমে 30 চে.মি., 25 চে.মি. আৰু 25 চে.মি.।

    (i) ইয়াত ব্যৱহৃত কাঁচৰ পাতৰ মুঠ কালি কিমান?

    (ii) ইয়াৰ মুঠ 12 টা দাঁতি (বা প্ৰান্ত)ত লগোৱা টে’পৰ দীঘ কিমান?

    7. ‘শান্তি ছুইটছ ষ্টল’ নামৰ দোকানখনে তেওঁলোকৰ মিঠাইবিলাক পেকেট কৰিবলৈ লগা কাৰ্ডব'ৰ্ডৰ কিছু বাকচ সাজিবলৈ এটা অৰ্ডাৰ উলিয়ালে। দুবিধ বাকচৰ ডাঙৰ বিধৰ প্ৰতিটোৰ জোখ 25 চে.মি. × 20 চে.মি. × 5 চে.মি. আৰু সৰু বিধৰ প্ৰতিটোৰ জোখ 15 চে.মি. × 12 চে.মি. × 5 চে.মি.। ইখনৰ লগত সিখন জোৰা লগাবৰ বাবে বাকচবিলাকৰ মুঠ পৃষ্ঠকালিৰ 5% আৰু অধিক কাৰ্ডব'ৰ্ডৰ প্ৰয়োজন হ’ল। কাৰ্ডব'ৰ্ডৰ প্ৰতি 1000 বর্গ চেণ্টিমিটাৰৰ দাম 4 টকা হ’লে, প্রতিবিধৰে 250 টাকৈ বাকচ সাজিবৰ বাবে লগা কার্ড ব’ৰ্ডৰ দাম কিমান হ'ল?

    8. পাৰবীনে তেওঁৰ মটৰ গাড়ীখন থ’বলৈ চাৰিওটা ফাল আৰু উপৰিভাগ ত্ৰিপালেৰে ঢকাকৈ এটা বাকচ আকৃতিৰ গাঁথনি অস্থায়ীভাৱে সাজিবলৈ মনস্থ কৰিলে যাৰ সন্মুখৰ ফালৰ ত্ৰিপালখন প্ৰয়োজনত পকাই ওপৰলৈ তুলি থ'ব পাৰি। 2.5 মি. উচ্চতাৰ আৰু ভূমিৰ জোখ 4 মি. × 3 মি. হোৱা এই গাঁঠনিটোত কিমান ত্রিপাল লাগিব যদিহে দুখন ত্রিপাল চিলাই কৰা কাষকেইটা অতি ঠেক বুলি উপেক্ষা কৰা হয়? 

    Class ix maths



    পৃষ্ঠকালি আৰু আয়তনৰ অনুশীলনী 13.1 ৰ সমাধানসমূহঃ

    Post a Comment

    0 Comments
    * Please Don't Spam Here. All the Comments are Reviewed by Admin.

    Top Post Ad

    Bottom Post Ad