Type Here to Get Search Results !

EXERCISE 13.3 - Surface Areas and Volumes- Class IX -MATHEMATICS -ASSAM BOARD- অনুশীলনী 13.3 পৃষ্ঠকালি আৰু আয়তন - অধ্যায় ১৩ - সাধাৰণ গণিত শ্ৰেণী নৱম

     

    পৃষ্ঠকালি আৰু আয়তনৰ অনুশীলনী 13.3 ৰ সমস্যাসমূহঃ

    অন্য ধৰণেৰে দিয়া নাথাকিলে, π = 22/7ধৰিবা।

    1.এটা শংকুৰ ভূমিৰ ব্যাস 10.5 চে.মি. আৰু ইয়াৰ নতি উচ্চতা 10 চে.মি.। শংকুটোৰ বক্ৰপৃষ্ঠৰ কালি নিৰ্ণয় কৰা।

    2.এটা শংকুৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা, যদি ইয়াৰ নতি উচ্চতা 21 মি. আৰু ভূমিৰ ব্যাস 24 মি. হয়।

    class ix solution maths assamese medium


    3.এটা শংকুৰ বক্ৰ পৃষ্ঠকালি 308 চে.মি.² আৰু ইয়াৰ নতি উচ্চতা 14 চে.মি.। শংকুটোৰ

    (i) ভূমিৰ ব্যাসার্ধ আৰু

    (ii) মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা।

    4.এটা শংকু আকৃতিব তম্বু 10 মি. ওখ আৰু ইয়াৰ ভূমিব ব্যাসার্ধ 24 মি.। এতিয়া তলৰ কথাকেইটা নির্ণয় কৰা :

    (i) তম্বুটোৰ নতি উচ্চতা।

    (ii) প্রতি বর্গমিটাৰত 70 টকাকৈ তম্বুটো নিৰ্মাণত ব্যৱহৃত কেভাচ্ (এবিধ বৰ ডাঠ কাপোৰ)ৰ দাম।

    5.  ৪ মি. উচ্চতাৰ আৰু 6 মি. ভূমি ব্যসাৰ্দ্ধৰ শংকু আকৃতিৰ তম্বু এটা নিৰ্মাণ কৰিবলৈ 3 মি. বহল ত্রিপাল কিমান দীঘৰ প্ৰয়োজন হ’ব? ধৰি লোৱা যে দাঁতিবোৰ চিলাই কৰোতে আৰু কটা-মেলা কৰোতে লোকচান হোৱা অতিৰিক্ত ত্ৰিপালৰ পৰিমাণ 20 চে.মি.। (π = 3.14 ধৰিবা)

    6.এটা শংকু আকৃতিৰ সমাধিৰ নতি উচ্চতা আৰু ভূমিৰ ব্যাস ক্ৰমে 25 মি. আৰু 14 মি.। প্ৰতি 100 বর্গ মিটাৰত 210 টকাকৈ ইয়াৰ বক্ৰ পৃষ্ঠত চূণ সনা খৰচ নিৰ্ণয় কৰা। 

    7. এজন কৌতুক অভিনেতাৰ টুপীটো এটা লম্ব বৃত্তাকাৰ শংকুৰ আকাৰৰ যাৰ ভূমি ব্যাসার্ধ 7 চে.মি. আৰু উচ্চতা 24 চে.মি.। এনে 10 টা টুপী সাজিবলৈ লগা কাপোৰ (বা কাগজ)ৰ কালি নিৰ্ণয় কৰা।

    8. পুনৰ ব্যৱহাৰোপযোগী কৰি লোৱা কাৰ্ড ব’ৰ্ডেৰে তৈয়াৰী 50 টা ফোঁপোলা শংকুৰ সহায়ত এটা বাছ আস্থান পথৰ আন অংশৰপৰা পৰিবেষ্টিত কৰি ৰখা হৈছে। প্ৰতিটো শংকুৰ ভূমিৰ ব্যাস 40 চে.মি. আৰু উচ্চতা 1 মি.। যদি প্রতিটো শংকুৰে বাহিৰৰ ফালটো ৰং কৰিব লাগে আৰু ৰং দিয়াৰ খৰচ প্রতি বর্গ মিটাৰত 12 টকা হয়, তেন্তে আটাইকেইটা শংকু ৰং কৰোতে কিমান খৰচ পৰিব? (π = 3.14 আৰু √1.04 = 1.02 বুলি ধৰিবা।)

    পৃষ্ঠকালি আৰু আয়তনৰ অনুশীলনী 13.3 ৰ সমাধানসমূহঃ

    Post a Comment

    0 Comments
    * Please Don't Spam Here. All the Comments are Reviewed by Admin.

    Top Post Ad

    Bottom Post Ad