Type Here to Get Search Results !

Areas Related to Circles -Mathematics-Class X -Exercise -12.3 -Assamese Medium -Chapter 12- বৃত্ত সম্বন্ধীয় কালি - সাধাৰণ গণিত- দশম শ্ৰেণী

     

    বৃত্ত সম্বন্ধীয় কালিৰ অনুশীলনী 12.3 ৰ সমস্যাসমূহঃ

    অনুশীলনী 12.3

    অন্যধৰণে উল্লেখ নাথাকিলে, π=22/7 ল'বা।

    class x maths solution assamese medium


    1. চিত্র 12.19ত, আচ্ছাদিত অঞ্চলটোৰ কালি উলিওৱা, যদি PQ = 24 চে.মি., PR = 7 চে.মি. আৰু বৃত্তটোৰ কেন্দ্র O।

    চিত্র 12.19

    2. চিত্র 12.20, আচ্ছাদিত অঞ্চলটোৰ কালি নিৰ্ণয় কৰা যদি O কেন্দ্র যুক্ত ঐকবেন্দ্ৰিক বৃত্ত দুটাৰ ব্যাসার্দ্ধ ক্রমে 7 চে.মি. আৰু 14 চে.মি. আৰু ZAOC = 40°.

     চিত্র 12.20 ,                       চিত্ৰ 12.21 

    3. চিত্র 12.21 ত, আচ্ছাদিত অঞ্চলটোৰ কালি নিৰ্ণয় কৰা, যদি 14 চে.মি. বাহুৰ ABCD এটা বৰ্গক্ষেত্ৰ আৰু APD আৰু BPC অর্ধবৃত্ত হয়।

    4.চিত্র 12.22ত আচ্ছাদিত অঞ্চলটোৰ কালি নিৰ্ণয় কৰা য'ত 12 চে.মি. বাহুৰ এটা সমবাহু ত্রিভুজৰ শীর্ষ বিন্দু O ক কেন্দ্ৰ হিচাবে ধৰি 6 চে.মি. ব্যাসার্দ্ধ এটা বৃত্তীয় চাপ আঁকা হৈছে।

    চিত্র 12.22                চিত্ৰ 12.23

    5. চিত্র 12.23ত দেখুওৱাৰ দৰে 4 চে.মি. বাহুৰ এটা বৰ্গক্ষেত্ৰৰ প্ৰতিটো চুকৰপৰা 1 চে.মি. ব্যাসাৰ্দ্ধৰ এটা বৃত্তৰ এটা চোক কাটি লোৱা হৈছে আৰু 2 চে.মি. ব্যাসৰ এটা বৃত্তও কাটি লোৱা হৈছে। বৰ্গক্ষেত্ৰটোৰ অৱশিষ্ট অংশৰ কালি নির্ণয় কৰা।

    6. চিত্ৰ 12.24ত দেখুওৱাৰ দৰে 32 চে.মি. ব্যাসাৰ্দ্ধৰ এখন বৃত্তীয় টেবুলকভাৰৰ মাজত ABC এটা

    সমবাহু ত্রিভুজ এৰি এটা নক্সা তৈয়াৰ কৰা হৈছে। নক্সাটোৰ কালি নিৰ্ণয় কৰা।

    চিত্র 12.24   চিত্ৰ 12.25

    7. চিত্র 12.25 ত, 14 চে.মি. বাহুৰ ABCD এটা বর্গক্ষেত্র। A, B, C আৰু D কেন্দ্ৰযুক্ত চাৰিটা বৃত্ত

    অঁকা হ’ল, যাতে প্ৰতিটো বৃত্তই বাকী থকা তিনিটা বৃত্তৰ দুটাক বহিঃভাবে স্পর্শ কৰে। আচ্ছাদিত

    অঞ্চলটোৰ কালি নিৰ্ণয় কৰা।

    8. চিত্র 12.26 ত, এটা দৌৰা বাট দিয়া আছে, যাৰ বাওঁফাল আৰু সোঁফাল অর্ধবৃত্ত।

    চিত্র 12.26

    ভিতৰৰ সমান্তৰাল ৰেখাখণ্ড দুটাৰ মাজত দূৰত্ব 60 মিটাৰ আৰু সেইবোৰ প্ৰত্যেকে 106 মিটাৰ দীঘল। যদি বাটটোৰ প্ৰস্থ 10 মিটাৰ হয়, তেন্তে নির্ণয় কৰা :

    (i) বাটটোৰ চাৰিওফালে ইয়াৰ ভিতৰৰ ফালৰ দূৰত্ব।

    (ii) বাটটোৰ কালি।

    9. চিত্র 12.27ত, এটা বৃত্তৰ (O কেন্দ্ৰযুক্ত) AB আৰু CD ব্যাস দুডাল পৰস্পৰ লম্ব আৰু OD হ'ল সৰু

    বৃত্তটোৰ ব্যাস। যদি OA = 7 চে.মি., তেন্তে আচ্ছাদিত অঞ্চলৰ কালি নিৰ্ণয় কৰা। 

    চিত্র 12.27, চিত্ৰ 12.28

    10. এটা সমবাহু ত্রিভুজ ABC ৰ কালি 17320.5 চে.মি.²। ত্ৰিভুজটোৰ প্ৰতিটো শীর্ষবিন্দুক কেন্দ্র

    হিচাপে লৈ ত্ৰিভুজটোৰ বাহুৰ দৈৰ্ঘ্যৰ আধাৰ সমান ব্যাসাৰ্দ্ধ লৈ একোটা বৃত্ত অঁকা হ’ল (চিত্র 12.28

    চোৱা)। আচ্ছাদিত অঞ্চলটোৰ কালি নিৰ্ণয় কৰা। (ব্যৱহাৰ কৰা t = 3.14 আৰু √3 = 1.73205)

    11. এখন বর্গাকাৰ ৰুমালত প্ৰতিটো 7 চে.মি. ব্যাসাৰ্দ্ধৰ নটা বৃত্তীয় নক্সা আঁকা হ'ল (চিত্র 12.29)। ৰুমালখনৰ বাকী থকা অংশৰ কালি নিৰ্ণয় কৰা। 

    চিত্র 12.29,       চিত্ৰ 12.30       

    12. চিত্র 12.30ত, কেন্দ্ৰ O আৰু ব্যাসাৰ্দ্ধ 3.5 চে.মি. যুক্ত এটা বৃত্তৰ OACB এটা চোক। যদি OD = 2 চে.মি., তেন্তে

    (i) OACB চোকৰ,

    (ii) আচ্ছাদিত অংশৰ কালি নিৰ্ণয় কৰা।

    13. চিত্র 12.31ত, এটা বৃত্তৰ চোক OPBQ ত OABC এটা বর্গক্ষেত্র অংকন কৰা হ'ল। যদি OA= 20 চে.মি., তেস্তে আচ্ছাদিত অঞ্চলৰ কালি নির্ণয় কৰা। (ব্যৱহাৰ কৰা π = 3.14) 

    চিত্র 12.31                 চিত্র 12.32

    14. কেন্দ্ৰ O আৰু ব্যাসাৰ্দ্ধ 21 চে.মি. আৰু 7 চে.মি. ঐককেন্দ্ৰিক বৃত্ত দুটাৰ ক্ৰমে AB আৰু CD দুটা চাপ (চিত্র 12.32 চোৱা)। যদি <AOB = 30°, তেন্তে আচ্ছাদিত অঞ্চলটোৰ কালি নির্ণয় কৰা।

    15. চিত্র 12.33ত, 14 চে.মি. ব্যাসাৰ্দ্ধৰ এটা বৃত্তৰ ABC এটা চোক আৰু BC ক ব্যাস হিচাপে লৈ এটা অর্ধবৃত্ত অঁকা হ'ল। আচ্ছাদিত অঞ্চলটোৰ কালি নির্ণয় কৰা। 

    চিত্র 12.33 , চিত্ৰ 12.34

    16. প্ৰতিটো 8 চে.মি. ব্যাসাৰ্দ্ধৰ বৃত্তৰ দুটা চোকৰ মাজত চিত্র 12.34 ত উমৈহতীয়া নক্সা থকা অঞ্চলটোৰ কালি নির্ণয় কৰা।

    বৃত্ত সম্বন্ধীয় কালিৰ অনুশীলনী 12.3 ৰ সমাধানসমূহঃ

    Post a Comment

    0 Comments
    * Please Don't Spam Here. All the Comments are Reviewed by Admin.

    Top Post Ad

    Bottom Post Ad