Type Here to Get Search Results !

আমাৰ চুবুৰীয়া ৰাজ্যসমূহ - পাঠ ১৬ - অনুশীলনীৰ উত্তৰ - আমি আৰু আমাৰ পৰিৱেশ - পঞ্চম শ্ৰেণী - তৃতীয় ভাগ - Answers of Ami Aru amar Paribesh - Class v - Assamese - Lower Primary Classes - SCERT Solutions

অনুশীলনী

আমাৰ চুবুৰীয়া ৰাজ্যসমূহ - পাঠ ১৬ - অনুশীলনীৰ উত্তৰ - আমি আৰু আমাৰ পৰিৱেশ - পঞ্চম শ্ৰেণী - তৃতীয় ভাগ - Answers of Ami Aru amar Paribesh - Class v - Assamese -  Lower Primary  Classes  - SCERT Solutions

১৷ উত্তৰ লিখা -

(ক) উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহৰ নাম লিখা ৷

উত্তৰঃ অৰুণাচল প্ৰদেশ , অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰা ৷

(খ) উত্তৰ-পূব ভাৰতৰ কেইটামান জনগোষ্ঠীৰ নাম লিখা ৷

উত্তৰ: আদি, নিচি, ডিমাচা, আহোম, খাচি, মিজো, চেমা, নেপালী ইত্যাদি ৷

(গ) উত্তৰ-পূব ভাৰতক সাতভনীৰ দেশ বুলি কিয় কোৱা হয় ? 

উত্তৰ: উত্তৰ-পূব ভাৰতক সাতভনীৰ দেশ বুলি কোৱা হয় কাৰণ ই সাতখন ৰাজ্যৰে গঠিত হৈ আছে ৷ 

(ঘ) উত্তৰ-পূব ভাৰতৰ তিনিখন স্বাস্থ্যকৰ ঠাইৰ নাম লিখা ৷

উত্তৰ: অৰুণাচলৰ টাৱাং , অসমৰ হাফলং আৰু মেঘালয়ৰ শ্বিলং ৷ 

২৷ ' ক ' অংশৰ লগত ' খ ' অংশ মিলাই লিখা 

ক অংশ

খ অংশ

অৰুণাচল প্ৰদেশ

নাগালেণ্ড

ত্ৰিপুৰা

মণিপুৰ

মিজোৰাম

ক’হিমা

ইম্ফল

আইজল

ইটানগৰ

আগৰতলা


উত্তৰ: 

অৰুণাচল প্ৰদেশ - ইটানগৰ


নাগালেণ্ড - কহিমা


ত্ৰিপুৰা - আগৰতলা


মণিপুৰ - ইম্ফল


মিজোৰাম - আইজল


৩৷ খালী ঠাই পূৰ কৰা - 

(ক) মেঘালয়ৰ _______ পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হয় ৷
(খ) মণিপুৰ ৰাজ্যৰ _______ হ্ৰদ প্ৰাকৃতিকভাৱে হোৱা এক বৃহৎ হ্ৰদ ৷
(গ) শ্বিলং এখন ______ ঠাই ৷
(ঘ) চাহ উৎপাদনৰ ক্ষেত্ৰত ________ ভাৰতৰ ভিতৰতেই প্ৰথম ৷
(ঙ) ________ খাচিসকলৰ এটা উৎসৱৰ নাম ৷ 

উত্তৰ: 
(ক) মেঘালয়ৰ মৌচিনৰামত পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হয় ৷

(খ) মণিপুৰ ৰাজ্যৰ লক্ টক হ্ৰদ প্ৰাকৃতিকভাৱে হোৱা এক বৃহৎ হ্ৰদ ৷

(গ) শ্বিলং এখন স্বাস্থ্যকৰ ঠাই ৷

(ঘ) চাহ উৎপাদনৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰতেই প্ৰথম ৷

(ঙ) নংক্ৰেন খাচিসকলৰ এটা উৎসৱৰ নাম ৷ 

৪৷ তলত দিয়া বাক্যকেইটাৰ পৰা অশুদ্ধ বাক্যবোৰ বাচি উলিয়াই শুদ্ধকৈ লিখা - 

(ক) বৰ্তমান অৰুণাচল প্ৰদেশ আগতে নগা পাহাৰ নামেৰে অসমৰ অংগ আছিল ৷

(খ) কাৰ্বি আংলং জিলা সমভূমিৰে গঠিত ৷

(গ) অৰুণাচল প্ৰদেশৰ দক্ষিণ অঞ্চলত হিমালয় পৰ্বতমালা অৱস্থিত ৷

(ঘ) ত্ৰিপুৰা ৰাজ্যখন সমভূমিৰে আবৃত ৷

(ঙ) মিজোৰামত লক্টক হ্ৰদ আছে

উত্তৰ: 
(ক) বৰ্তমান নাগালেণ্ড আগতে নগা পাহাৰ নামেৰে অসমৰ অংগ আছিল ৷

(খ) কাৰ্বি আংলং জিলা মালভূমিৰে গঠিত ৷

(গ) অৰুণাচল প্ৰদেশৰ উত্তৰ অঞ্চলত হিমালয় পৰ্বতমালা অৱস্থিত ৷

(ঘ) ত্ৰিপুৰা ৰাজ্যখন সমতল ভূমিৰে গঠিত ৷

(ঙ) মণিপুৰত লক্ টক হ্ৰদ আছে ৷

৫৷ কোন কেইখন ৰাজ্যক একেলগে 'উত্তৰ-পূব ভাৰত' বুলি কোৱা হয় ? 

উত্তৰ: অৰুণাচল প্ৰদেশ , অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰা ৰাজ্যকেইখনক একেলগে ' উত্তৰ-পূব ভাৰত' বুলি কোৱা হয় ৷

৬৷ ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহ পৰ্যটকৰ বাবে কিয় আকৰ্ষণীয় লিখা ৷ 

উত্তৰ: উত্তৰ পূৰ্ব ভাৰতৰ ৰাজ্যসমূহৰ কিছুমান বিশেষ সুকীয়া বৈশিষ্ট আছে আৰু বিভিন্ন আকৰ্ষণীয় প্ৰাকৃতিক ঐতিহ্যৰে পৰিপূৰ্ণ ৷ উত্তৰ পূৰ্বাঞ্চলসমূহ নদ নদী , পাহাৰ - পৰ্বত, অভয়াৰণ্য আৰু পাহাৰীয়া অঞ্চলেৰে গঠিত ৷
 এনেধৰণৰ অনেক বৈশিষ্টৰে পৰিপূৰ্ণ হোৱাৰ বাবে ভাৰতৰ উত্তৰ -পূৰ্বৰ ৰাজ্যসমূহ পৰ্যটকৰ বাবে আৰ্কষণীয় ৷ 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Bottom Post Ad