আমাৰ দৈনন্দিন জীৱনত প্ৰযুক্তি - পাঠ ১৫ - অনুশীলনীৰ উত্তৰ - আমি আৰু আমাৰ পৰিৱেশ - পঞ্চম শ্ৰেণী - তৃতীয় ভাগ - Answers of Ami Aru amar Paribesh - Class v - Assamese - Lower Primary Classes - SCERT Solutions

অনুশীলনী 

১/ উত্তৰ লিখা ---

(ক) পাৱাৰ টিলাৰ কি ? 

উত্তৰ ঃ পাৱাৰ টিলাৰ হৈছে মাটি চহোৱা আধুনিক   যন্ত্ৰ ৷ 

(খ) শীতল ভঁৰাল কি ? 

উত্তৰ ঃ শীতল ভৰাল হৈছে এনেকুৱা এটা ভঁৰাল য'ত কম পৰিমাণৰ উষ্ণতাত খাদ্য তথা শাক-পাচলি নষ্ট নোহোৱাকৈ  সংৰক্ষণ কৰি ৰাখে ৷ 

(গ) কেক্ আৰু বিস্কুত প্ৰস্তুত কৰিবলৈ কি ৰন্ধন সজুঁলি ব্যৱহাৰ কৰিব পাৰি ? 

উত্তৰ ঃ কেক্ আৰু বিস্কুত প্ৰস্তুত কৰিবলৈ বিদ্যুতচালিত  মাইক্ৰ'ৱেভ ৰন্ধন সজুঁলি ব্যৱহাৰ কৰিব পাৰি ৷ 

(ঘ) কম্পিউটাৰত কি কি কাম কৰা হয় ? 

উত্তৰ ঃ কম্পিউটাৰৰ সহায়ত আমি যোগাযোগ স্থাপন কৰিব পাৰো , কম্পিউটাৰ লগত প্ৰিণ্টাৰৰ সহযোগ থাকিলে আমি কাগজ লিখিত আকাৰেৰে ছপা কৰি উলিয়াব পাৰো , দেশ- বিদেশৰ খবৰ ল'ব পাৰো , ৰে'ল বিমানৰ সময়সীমা  চাব  পাৰো , আগতীয়াকৈ টিকট সংগ্ৰহ কৰিব পাৰো ইত্যাদি ৷  

(ঙ) প্ৰযুক্তিৰ সহায়ত বিজুলী বিল কেনেকৈ পৰিশোধ কৰিব পাৰি ? 

উত্তৰ ঃ  প্ৰযুক্তিৰ সহায়ত ইন্টাৰনেটৰ দ্ধাৰা  বিজুলী বিল  পৰিশোধ কৰিব পাৰি ৷ 

আমাৰ দৈনন্দিন জীৱনত প্ৰযুক্তি - পাঠ ১৫ - অনুশীলনীৰ উত্তৰ - আমি আৰু আমাৰ পৰিৱেশ - পঞ্চম শ্ৰেণী - তৃতীয় ভাগ - Answers of Ami Aru amar Paribesh - Class v - Assamese -  Lower Primary  Classes  - SCERT Solutions



২/'ক' অংশৰ লগত খ অংশ মিলোৱা ----

                 

‘ক’ অংশ 

‘খ’ অংশ 

কী-বোৰ্ড 

নিৰ্দেশ দিয়া কামবোৰ কৰে আৰু সংৰক্ষন কৰি ৰাখে 

মাউচ 

কৰা কামখিনি আৰু কামৰ ফলাফল দেখা পাওঁ

চি পি ইউ 

মনিটৰত থকা কথাবোৰ নিয়ন্ত্ৰণ কৰি কাম কৰিব পাৰি 

মনিটৰ 

লিখিত আকাৰে নিৰ্দেশ পঠিয়াব পাৰি 


উত্তৰ ঃ কী-বোৰ্ড -- লিখিত আকাৰে নিৰ্দেশ পঠিয়াব পাৰি ৷
মাউচ --- মনিটৰত থকা কথাবোৰ নিয়ন্ত্ৰণ কৰি কাম কৰিব পাৰি ৷
চি পি ইউ -- নিৰ্দেশ দিয়া কামবোৰ কৰে আৰু সংৰক্ষন কৰি ৰাখে ৷
মনিটৰ -- কৰা কামখিনি আৰু কামৰ ফলাফল দেখা পাওঁ ৷

৩/ শুদ্ধনে অশুদ্ধ লিখা ৷ 

(ক) প্ৰয়ুক্তিৰ  বৱ্যহাৰৰ ফলত আমাৰ জীৱনৰ মান উন্নত হৈছে ৷ 

উত্তৰ ঃ শুদ্ধ ৷ 

 (খ) ডাকযোগে ইজনে সিজনৰ লগত কথা পাতিব পাৰোঁ ৷ 

উত্তৰ ঃ শুদ্ধ ৷ 

(গ) ৰেফ্ৰিজাৰেটৰ খাদ্যবস্তু ৰান্ধিব পাৰি ৷ 

উত্তৰ ঃ অশুদ্ধ ৷ 

(ঘ) কম্পিউটাৰৰ এটা মুখ্য কাম হ'ল যোগাযোগ স্থাপন ৷ 

উত্তৰ ঃ শুদ্ধ ৷ 

৪/ চমু টোকা লিখা ---

(ক) ম'বাইল ফোন 

উত্তৰ ঃ ম'বাইল ফোন হ'ল দূৰসংযোগৰ বাবে ব্যৱহৃত এক সঁজুলি পৰম্পৰাগত তাঁৰযুক্ত টেলিফোনৰ বিপৰীতে ম'বাইল  ফো'ন তাঁৰবিহীন আৰু ইয়াৰ আকাৰ সৰু হোৱাৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ কঢিয়াই লৈ ফুৰিব পাৰি ৷ ম'বাইল ফোনৰ অসমীয়া প্ৰতিশব্দ হ'ল ভাম্যভাষ যন্ত্ৰ ৷ 

(খ) ইণ্টাৰনেট 

উত্তৰ ঃ গোটেই পৃথিৱীব্যাপী অসংখ্য কম্পিউটাৰ সংযোগ কৰি এক িশাল যোগাযোগ ব্যৱস্থা গঠন কৰা হৈছে ৷ এই যোগাযোগ ব্যৱস্থাই হৈছে ইন্টাৰনেট ৷ ইন্টাৰনেট হৈছে আধুনিক যুগৰ আটাইতকৈ উন্নত যোগাযোগ ব্যৱস্থা ৷ কৃত্ৰিম উপগ্ৰহৰ সহায়ত এই যোগাযোগ ব্যৱস্থা সম্ভৱ হৈছে ৷ 

Post a Comment

0 Comments