অনুশীলনী
১/ উত্তৰ লিখা ---
(ক) পাৱাৰ টিলাৰ কি ?
উত্তৰ ঃ পাৱাৰ টিলাৰ হৈছে মাটি চহোৱা আধুনিক যন্ত্ৰ ৷
(খ) শীতল ভঁৰাল কি ?
উত্তৰ ঃ শীতল ভৰাল হৈছে এনেকুৱা এটা ভঁৰাল য'ত কম পৰিমাণৰ উষ্ণতাত খাদ্য তথা শাক-পাচলি নষ্ট নোহোৱাকৈ সংৰক্ষণ কৰি ৰাখে ৷
(গ) কেক্ আৰু বিস্কুত প্ৰস্তুত কৰিবলৈ কি ৰন্ধন সজুঁলি ব্যৱহাৰ কৰিব পাৰি ?
উত্তৰ ঃ কেক্ আৰু বিস্কুত প্ৰস্তুত কৰিবলৈ বিদ্যুতচালিত মাইক্ৰ'ৱেভ ৰন্ধন সজুঁলি ব্যৱহাৰ কৰিব পাৰি ৷
(ঘ) কম্পিউটাৰত কি কি কাম কৰা হয় ?
উত্তৰ ঃ কম্পিউটাৰৰ সহায়ত আমি যোগাযোগ স্থাপন কৰিব পাৰো , কম্পিউটাৰ লগত প্ৰিণ্টাৰৰ সহযোগ থাকিলে আমি কাগজ লিখিত আকাৰেৰে ছপা কৰি উলিয়াব পাৰো , দেশ- বিদেশৰ খবৰ ল'ব পাৰো , ৰে'ল বিমানৰ সময়সীমা চাব পাৰো , আগতীয়াকৈ টিকট সংগ্ৰহ কৰিব পাৰো ইত্যাদি ৷
(ঙ) প্ৰযুক্তিৰ সহায়ত বিজুলী বিল কেনেকৈ পৰিশোধ কৰিব পাৰি ?
উত্তৰ ঃ প্ৰযুক্তিৰ সহায়ত ইন্টাৰনেটৰ দ্ধাৰা বিজুলী বিল পৰিশোধ কৰিব পাৰি ৷
২/'ক' অংশৰ লগত খ অংশ মিলোৱা ----
উত্তৰ ঃ কী-বোৰ্ড -- লিখিত আকাৰে নিৰ্দেশ পঠিয়াব পাৰি ৷
মাউচ --- মনিটৰত থকা কথাবোৰ নিয়ন্ত্ৰণ কৰি কাম কৰিব পাৰি ৷
চি পি ইউ -- নিৰ্দেশ দিয়া কামবোৰ কৰে আৰু সংৰক্ষন কৰি ৰাখে ৷
মনিটৰ -- কৰা কামখিনি আৰু কামৰ ফলাফল দেখা পাওঁ ৷
৩/ শুদ্ধনে অশুদ্ধ লিখা ৷
(ক) প্ৰয়ুক্তিৰ বৱ্যহাৰৰ ফলত আমাৰ জীৱনৰ মান উন্নত হৈছে ৷
উত্তৰ ঃ শুদ্ধ ৷
(খ) ডাকযোগে ইজনে সিজনৰ লগত কথা পাতিব পাৰোঁ ৷
উত্তৰ ঃ শুদ্ধ ৷
(গ) ৰেফ্ৰিজাৰেটৰ খাদ্যবস্তু ৰান্ধিব পাৰি ৷
উত্তৰ ঃ অশুদ্ধ ৷
(ঘ) কম্পিউটাৰৰ এটা মুখ্য কাম হ'ল যোগাযোগ স্থাপন ৷
উত্তৰ ঃ শুদ্ধ ৷
৪/ চমু টোকা লিখা ---
(ক) ম'বাইল ফোন
উত্তৰ ঃ ম'বাইল ফোন হ'ল দূৰসংযোগৰ বাবে ব্যৱহৃত এক সঁজুলি পৰম্পৰাগত তাঁৰযুক্ত টেলিফোনৰ বিপৰীতে ম'বাইল ফো'ন তাঁৰবিহীন আৰু ইয়াৰ আকাৰ সৰু হোৱাৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ কঢিয়াই লৈ ফুৰিব পাৰি ৷ ম'বাইল ফোনৰ অসমীয়া প্ৰতিশব্দ হ'ল ভাম্যভাষ যন্ত্ৰ ৷
(খ) ইণ্টাৰনেট
উত্তৰ ঃ গোটেই পৃথিৱীব্যাপী অসংখ্য কম্পিউটাৰ সংযোগ কৰি এক িশাল যোগাযোগ ব্যৱস্থা গঠন কৰা হৈছে ৷ এই যোগাযোগ ব্যৱস্থাই হৈছে ইন্টাৰনেট ৷ ইন্টাৰনেট হৈছে আধুনিক যুগৰ আটাইতকৈ উন্নত যোগাযোগ ব্যৱস্থা ৷ কৃত্ৰিম উপগ্ৰহৰ সহায়ত এই যোগাযোগ ব্যৱস্থা সম্ভৱ হৈছে ৷

Please don't use spam link in the comment box.