SCERT Assam Class 'Ka' (Beginners' English) Unit 1 Complete Teaching Guide for Parents & Teachers

📝 Unit-1: শিকন আৰু কাৰ্যকলাপ নিৰ্দেশিকা (পৃষ্ঠা ৯ ৰ পৰা ১৬)

অসমৰ প্ৰি-প্ৰাইমেৰী আৰু নিম্ন প্ৰাইমেৰী শিক্ষক তথা অভিভাৱকসকলৰ বাবে শ্ৰেণীকক্ষ/ঘৰুৱা শিকন গাইড
SCERT Assam class ka beginners english come little children page 9

 

পৃষ্ঠা ৯:  (Rhyme) - "Come Little Children"

(a) বিষয়বস্তু / পাঠ:

Come little children, Come to me,
We will sing now ABC.
ABCD, EFG, HIJK, LMNOP, LMNOP,
RST, UVW, XYZ,
XYZ, sing with me,
Let's be friends with ABC.
(b) শ্ৰেণীকক্ষৰ কাৰ্যকলাপ:

প্ৰথমতে শিক্ষক/অভিভাৱকে সুৰে সুৰে গাব (Teacher will first sing the rhyme)।

শিশুসকলৰ সৈতে সমবেতভাৱে (chorus) আৰু তাৰপিছত ব্যক্তিগতভাৱে (individually) গোৱাব।

(c) শিক্ষক/অভিভাৱকৰ টিপছ: শিশুসকলক গোলাাকাৰ বৃত্তত থিয় কৰাই হাত ধৰিবলৈ দি জুমুকি-জুমুকি ABC শিকাওঁক।

পৃষ্ঠা ১০:  (Rhyme) - "Ten Little Indians"

(a) বিষয়বস্তু / পাঠ:

One little, two little, three little Indians,
Four little, five little, six little Indians,
Seven little, eight little, nine little Indians,
Ten little Indian boys.
(b) শ্ৰেণীকক্ষৰ কাৰ্যকলাপ:

 আঙুলি ব্যৱহাৰ কৰি ১ ৰ পৰা ১০ লৈ গণনা প্ৰদৰ্শন কৰক।

 ৰূপান্তৰ (Variation): "boys" শব্দৰ ঠাইত "girls" বা শিশুহঁতৰ নিজৰ নাম/গ্ৰুপ ব্যৱহাৰ কৰি পুনৰাবৃত্তি কৰক।

(c) শিক্ষক/অভিভাৱকৰ টিপছ: নম্বৰ ক্ৰমবিন্যাস আৰু আঙুলিৰ  সহায়েৰে পঢ়োৱা উচিত ৷ 

পৃষ্ঠা ১১: অভিবাদন (Greetings) — "Knowing each other"

(a) বিষয়বস্তু / পাঠ:

কথোপকথনৰ দৃশ্য: শিশুহঁতে পৰস্পৰে সাক্ষাৎ কৰিছে — "Hello!", "Hello!"

পৰিচয়  (Introductory bubbles):

“I am Rohit. What is your name?” ➔ “My name is Rohit.”

“My name is Dipika.”

(b) শ্ৰেণীকক্ষৰ কাৰ্যকলাপ:

শিশুসকলকযোৰা (pair) হিচাপে থিয় কৰক। এজনীয়ে নাম সুধিব, আনজনে ক’ব।

(c) শিক্ষক/অভিভাৱকৰ টিপছ: শিক্ষকে শিশুসকলক যিকোনো মাতৃভাষাত নাম কোৱা আৰু কথা পতাৰ বাবে 

উৎসাহিত কৰক (পৃষ্ঠাৰ তলত থকা SCERT নিৰ্দেশনা অনুসৰি)।

পৃষ্ঠা ১২: শব্দভাণ্ডাৰ আৰু গঠন (Vocabulary & Structure) — "A Book"

(a) বিষয়বস্তু / পাঠ:

প্ৰশ্ন/উত্তৰ: “What's this?” ➔ “It's a book.”

কিতাপৰ অংশসমূহ: আগৰ পৃষ্ঠা (Front cover), পিছৰ পৃষ্ঠা (Back cover), ভিতৰৰ পৃষ্ঠা (“This is a page of the book.”)।

(b) ভাষা পিৰামিড / নিৰ্মাণ ব্ল’ক (Language Pyramid):

Letters (b, j, d, s, k, g, w, u, m...)

Words (books, rulers, erasers)

Sentence (Bini has a blue pen.)

(c) শ্ৰেণীকক্ষৰ কাৰ্যকলাপ: হাতত কিতাপ লৈ শিশুসকলক সোধক  "What's this?" আৰু ক’বলৈ দিয়ক "It's a book."

(d) শিক্ষক/অভিভাৱকৰ টিপছ: পিৰামিড চাৰ্টৰ জৰিয়তে আখৰৰ পৰা শব্দ আৰু বাক্য হোৱাৰ ধাৰণাটো বুজাওক।

পৃষ্ঠা ১৩: পঢ়াৰ চুক (Reading Corner)

(a) বিষয়বস্তু / পাঠ:

শিৰোনাম: “Let's go to the Reading Corner and bring a book to read.”

ছবিখনত আলমাৰি, কিতাপ, চাৰ্ট আৰু পঢ়ি থকা শিশু।


(b) শ্ৰেণীকক্ষৰ কাৰ্যকলাপ: শ্ৰেণীকক্ষৰ এটা কোণ পঢ়াৰ চুক হিচাপে দেখুৱক বা শিশুহঁতক নিজে পছন্দৰ ছবিৰ কিতাপ ল’বলৈ কওঁক।

(c) শিক্ষক/অভিভাৱকৰ টিপছ: বিগ বুক (Big Book) বা লেভেল টেক্সটৰ সহায়ত ভাগ-বতৰা কৰি পঢ়ন (shared reading) কৰাওক।

পৃষ্ঠা ১৪: ৰং (Colours)

(a) বিষয়বস্তু / পাঠ:

ৰামধেনুৰ (Rainbow) ৭ টা ৰং: 
Red, Orange, Yellow, Green, Blue, Indigo, Violet.

কাৰ্যকলাপ: “Can you name the colours of these balloons?” (বেলুনৰ ৰংৰ খালী বাকচসমূহ)।

(b) শ্ৰেণীকক্ষৰ কাৰ্যকলাপ: শিশুসকলৰ পৰা বেলুনৰ ৰংৰ নাম সোধক আৰু খালী বাকচত ৰং ভৰাবলৈ/নাম লিখিবলৈ দিয়ক।

(c) শিক্ষক/অভিভাৱকৰ টিপছ: ওচৰ-পাজৰৰ শ্ৰেণীকক্ষৰ বস্তুৰ (হালধীয়া পেঞ্চিল, ৰঙা বেগ) সৈতে ৰং মিলোৱা অভ্যাস কৰাওক।

পৃষ্ঠা ১৫: প্ৰাক্-গণিত আৰু সূক্ষ্ম ম’টৰ দক্ষতা (Pre-Math & Fine Motor Skills)

(a)বিষয়বস্তু / পাঠ:

কাৰ্যকলাপ ১: Join the dots to complete the picture. Colour it. (মাছৰ ডট-টু-ডট অংকন)।

কাৰ্যকলাপ ২ (তুলনা):

হাতী: ডাঙৰ বনাম সৰু (ডাঙৰ হাতীটোক নিজৰ পছন্দৰ ৰং দিয়ক, সৰু হাতীটোৰ নাম ৰাখক - “Give a beautiful name to the smaller one”)।

পেঞ্চিল: দীঘল বনাম চুটি (দীঘল আৰু চুটি পেঞ্চিলৰ তুলনা)।

(b) শ্ৰেণীকক্ষৰ কাৰ্যকলাপ: পেঞ্চিলেৰে ডট সংযোগ কৰি মাছটো সম্পূৰ্ণ কৰাওক, তাৰপিছত ডাঙৰ/সৰু হাতী আৰু দীঘল/চুটি পেঞ্চিলৰ ধাৰণাটো বস্তু দেখুৱাই স্পষ্ট কৰক।

(c) শিক্ষক/অভিভাৱকৰ টিপছ: সৰু হাতীটোৰ এটা মৰমৰ নাম (যেনে  'সৰু') ৰাখিবলৈ দিয়ক যাতে আৱেগিক সংযোগী গঢ় লয়।

পৃষ্ঠা ১৬: পুনৰালোচনা / সম্প্ৰসাৰণ কাৰ্যকলাপ (Review / Extension Activity)

টোকা: এই ইউনিটটোৰ অন্তিম পৰ্যায়ত শিশুৰ পুনৰালোচনা, ৰং কৰা বা মৌখিক অনুশীলনৰ ব্যৱহাৰ কৰিব পাৰি।


Post a Comment

0 Comments